নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোহলিক অতিক্ৰম ৰোহিতৰ

এদিনীয়াত এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৰানৰ গৰাকী

নিয়মীয়া বাৰ্তা ৩১ ডিচেম্বৰঃ টীম ইণ্ডিয়াৰ বিস্ফোৰক অ’পেনাৰ ৰোহিত শর্মাৰ বাবে ২০১৯ বর্ষটো অনন্য সাফল্যৰ বর্ষ হিচাপে স্মৰণীয় হৈ ৰ’ব৷ দুর্দান্ত বেটিঙেৰে এই বছৰটোত তেওঁ এদিনীয়া ক্রিকেটত সর্বাধিক ৰানৰ গৰাকী হিচাপে পৰিগণিত হৈছে৷ এইক্ষেত্রত তেওঁ টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিৰ পৰা তীব্র প্রত্যাহ্বান লাভ কৰিছিল যদিও শেষ মুহূর্তত ৰোহিতে সর্বাধিক এদিনীয়া ৰানেৰে ২০১৯ বর্ষ সামৰিবলৈ সক্ষম হয়৷ এই বর্ষটোত তেওঁ মুঠ ২৮খন এদিনীয়াত গড় ৫৭কৈ মুঠ ১৪৯০ ৰান সংগ্রহ কৰে৷ ইয়াৰ ভিতৰত আছে সাতটা শতক আৰু ৬টা অর্ধশতকীয় ইনিংছ৷ চলিত বছৰটোত ৰোহিতে অষ্ট্রেলিয়া, দক্ষিণ আফ্রিকা, পাকিস্তান, ইংলেণ্ড, বাংলাদেশ, শ্রীলংকা আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শতক অর্জন কৰে৷ এই সময়ছোৱাত তেওঁ ১৪৬টা বাউণ্ডেৰী আৰু ৩৬টা ছিক্সাৰ কোবাবলৈ সক্ষম হয়৷ উল্লেখ্য যে ২০১৭ আৰু ১৮ বর্ষত অধিনায়ক কোহলিৰ পিছতে ৰোহিতে এদিনীয়াত দ্বিতীয় সর্বাধিক ৰান সংগ্রহ কৰিছিল৷ এইবাৰ কোহলিয়ে মুঠ ২৬খন এদিনীয়াত গড় ৫৯কৈ মুঠ ১৩৭৭ ৰান সংগ্রহ কৰে৷ ইয়াৰ ভিতৰত আছে পাঁচটা শতক আৰু সাতটা অর্ধশতক৷ ভাৰতীয় ক্রিকেটৰ ৰান মেচিন হিচাপে পৰিচিত তাৰকা বেটছমেনগৰাকীয়ে অষ্ট্রেলিয়াৰ বিৰুদ্ধে তিনিটা আৰু ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুটা শতক অর্জন কৰে৷ এই তালিকাৰ তৃতীয় স্থানত আছে ৱেষ্ট ইণ্ডিজৰ উদীয়মান বেটছমেন ছাই হ’প৷ তেওঁ ২৮খন এদিনীয়াত গড় ৬১কৈ মুঠ ১৩৪৫ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ ২০১৯ বর্ষটোত সর্বাধিক এদিনীয়া ৰান সংগ্রহ কৰা আন দুগৰাকী বেটছমেন হ’ল অষ্ট্রেলিয়াৰ আৰন ফিনছ আৰু পাকিস্তানৰ বাবৰ আজম৷ ফিনছে ২৩খন এদিনীয়াত গড় ৫১কৈ ১১৪১ ৰান সংগ্রহ কৰে৷ ইয়াৰ ভিতৰত আছে চাৰিটা শতক আৰু ৬টা অর্ধশতক৷ ইফালে, বাবৰ আজমে ২০খন এদিনীয়াত গড় ৬০কৈ ১০৯১ ৰান সংগ্রহ কৰিবলৈ সক্ষম হয়৷

You might also like