নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ মহামাৰী ক’ভিড–১৯ৰ দ্বিতীয়টো ঢ়ৌৱে এডিলেইড চহৰক আতংকিত কৰিলেও অহা ১৭ ডিচেম্বৰৰ পৰা এডিলেইড অ’ভেলতে ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত বহু প্রত্যাশিত প্রথম টেষ্ট অনুষ্ঠিত হ’ব৷ পূর্বনির্ধাৰিত সূচী অনুসৰি এডিলেইডতে মেচখন অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে ক্রিকেট অষ্ট্রেলিয়াৰ অন্তর্ৱর্তীকালীন মুখ্য কার্যবাহী বিষয়া নিক হকলিয়ে৷
লগতে পঢ়কঃ শৈশৱৰ সপোন পূৰণ কৰিবলৈ সাজু শুভমন
উল্লেখ্য যে যোৱা সপ্তাহত হঠাতে ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱাত দক্ষিণ অষ্ট্রেলিয়া চৰকাৰে ৰাজ্যখনত কঠোৰ ক’ভিড প্রট’কলৰ সৈতে লকডাউন ঘোষণা কৰিছিল৷ ইয়াৰ পিছতে প্রথম টেষ্টক লৈ অনিশ্চয়তা সৃষ্টি হয়৷ কিন্তু ক্রিকেট অষ্ট্রেলিয়াৰ মুৰব্বীগৰাকীয়ে কয় যে পৰিস্থিতি এতিয়া নিয়ন্ত্রণলৈ আহিছে আৰু চৰকাৰে ইতিমধ্যে লকডাউন প্রত্যাহাৰ কৰিছে৷ গতিকে এডিলেইডতে প্রথম টেষ্ট সফলতাৰে আয়োজন কৰিবলৈ তেওঁলোক আত্মবিশ্বাসী৷