নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এডিলেইডতে হ’ব ভাৰত অষ্ট্রেলিয়াৰ প্রথমখন টেষ্ট

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ মহামাৰী ক’ভিড–১৯ৰ দ্বিতীয়টো ঢ়ৌৱে এডিলেইড চহৰক আতংকিত কৰিলেও অহা ১৭ ডিচেম্বৰৰ পৰা এডিলেইড অ’ভেলতে ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত বহু প্রত্যাশিত প্রথম টেষ্ট অনুষ্ঠিত হ’ব৷ পূর্বনির্ধাৰিত সূচী অনুসৰি এডিলেইডতে মেচখন অনুষ্ঠিত হ’ব বুলি  ঘোষণা কৰে ক্রিকেট অষ্ট্রেলিয়াৰ অন্তর্ৱর্তীকালীন মুখ্য কার্যবাহী বিষয়া নিক হকলিয়ে৷

লগতে পঢ়কঃ শৈশৱৰ সপোন পূৰণ কৰিবলৈ সাজু শুভমন

উল্লেখ্য যে যোৱা সপ্তাহত হঠাতে ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱাত দক্ষিণ অষ্ট্রেলিয়া চৰকাৰে ৰাজ্যখনত কঠোৰ ক’ভিড প্রট’কলৰ সৈতে লকডাউন ঘোষণা কৰিছিল৷ ইয়াৰ পিছতে প্রথম টেষ্টক লৈ অনিশ্চয়তা সৃষ্টি হয়৷ কিন্তু ক্রিকেট অষ্ট্রেলিয়াৰ মুৰব্বীগৰাকীয়ে  কয় যে পৰিস্থিতি এতিয়া নিয়ন্ত্রণলৈ আহিছে আৰু চৰকাৰে ইতিমধ্যে লকডাউন প্রত্যাহাৰ কৰিছে৷ গতিকে এডিলেইডতে প্রথম টেষ্ট সফলতাৰে আয়োজন কৰিবলৈ তেওঁলোক আত্মবিশ্বাসী৷

You might also like