নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী অভিমুখী স্পাইচজেটৰ বিমান কলকাতাত জৰুৰী অৱতৰণ

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ মুম্বাইৰ পৰা গুৱাহাটী অভিমুখী স্পাইচজেটৰ এখন বিমান কলকাতা বিমান বন্দৰত জৰুৰীকালীন অৱতৰণ কৰিলে। বিমান খনত ১৮৩ জন যাত্ৰী আছিল। বুধবাৰে পুৱা বিমানখনৰ পাইলতে সন্দেহ কৰে যে  বিমানখনৰ তেলৰ টেংকিৰ পৰা তেল নিৰ্গত হৈ আছে। যাৰ বাবে জৰুৰী অৱতৰণ কৰে বিমানখনে। কিন্তু বিশেষজ্ঞ সকলে পৰীক্ষা কৰি পালে যে তেলৰ টেংকিৰ পৰা নহয় পানীৰ টেংকিৰ পৰা পানী নিৰ্গত হৈ আছিল।

You might also like