নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাতী-মানুহৰ সংঘাত, অতিষ্ঠ সাধাৰণ জনতা

গোৱালপাৰাত ৩০-৩৫টা হাতীৰ উপদ্ৰৱ

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ ৰাজ্যত ধাৰাবাহিকভাৱে অব্যাহত আছে হাতী-মানুহৰ সংঘাত। পথাৰৰ ধানেই নহয় এতিয়া ভঁৰালৰ ধান খাই তহিলং কৰিছে হাতীৰ জাকে। গোৱালপাৰাৰ চোৰকপাৰাত বন্যহস্তীৰ প্ৰায় ৩০-৩৫টা হাতীৰ এটা জাকে তহিলং কৰে ধাননি পথাৰৰ লগতে পথাৰৰ পৰা চপাই অনা ধান। হাতীৰ জাকটোৱে খেতি-পথাৰ নষ্ট কৰাই নহয়, বহু লোকৰ বাসগৃহও লণ্ড-ভণ্ড কৰে হাতীৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে বহু পৰিয়ালৰ সদস্য। প্ৰতিদিনে হাতীৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। বন বিভাগৰ নিৰ্বিকাৰ ভূমিকা অভিযোগ অঞ্চলটোৰ ৰাইজৰ।