নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাজেট অধিৱেশনতে কেন্দ্রক দিব জনজাতিকৰণৰ প্রতিবেদনঃ ড০ শর্মা

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ আগন্তুক ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে সদনত দাখিল কৰিবলগীয়া ৰাজ্যিক বাজেটত ৰাজ্যখনৰ ছয় জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীয় সংগঠনৰ যাতে আশা-আকাংক্ষা প্ৰতিফলিত কৰিব পৰা যায়, সেই সম্পৰ্কত বুধবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই সংশ্লিষ্ট সংগঠনসমূহৰ নেতৃবৃন্দৰ মতামত গ্রহণ কৰে৷

মটক, মৰাণ, চাহ জনগোষ্ঠী, কোচ ৰাজবংশী, চুতীয়া, তাই আহোম, আদিবাসী, চাওতাল জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ প্রতিনিধিৰ উপস্থিতিত হোৱা বৈঠকখনত তেওঁলোকে আর্থ–সামাজিক উত্তৰণৰ বাবে চৰকাৰক বিভিন্ন পৰামর্শ আগবঢ়ায়৷ বৈঠকখনত মুখ্যমন্ত্রী সোণোৱালে কয় যে বর্তমানৰ চৰকাৰে শাসনভাৰ লোৱাৰ পাছৰে পৰা বাজেটত জনসাধাৰণৰ আশা–আকাংক্ষা প্রতিফলিত কৰিব পৰাকৈ ব্যৱস্থা গ্রহণ কৰি আহিছে৷ জনসাধাৰণৰ লগত আলাপ–আলোচনা কৰি পদক্ষেপসমূহ গ্রহণ কৰি অহা হৈছে৷ প্রতিটো জনগোষ্ঠীৰ প্রবাদ পুৰুষ আৰু মহান মনীষীসকলৰ স্মৃতি যুগমীয়া কৰা তথা নৱপ্রজন্মক সেইসকল মনীষীৰ সৈতে পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে ৰাজ্যিক পর্যায়ৰ অনুষ্ঠান অসমৰ ভিন্ন প্রান্তত অনুষ্ঠিত কৰাৰ পদক্ষেপ লোৱা হৈছে৷

জনগোষ্ঠীসমূহে আগবঢ়োৱা পৰামর্শ আৰু মতামতসমূহ ৰাজ্য চৰকাৰে বাজেটত সন্নিৱিষ্ট কৰাৰ প্রয়াস কৰিব৷ মুখ্যমন্ত্রী সোণোৱালে আৰু কয় যে খিলঞ্জীয়া জনসাধাৰণৰ ভাষা, সাহিত্য, ৰীতি–নীতি, ঐতিহ্য, পৰম্পৰা, মাটি–ভেটি সুৰক্ষিত কৰাৰ বাবে বর্তমানৰ ৰাজ্য চৰকাৰে আৰম্ভণিৰে পৰা কাম কৰি আহিছে৷ সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক প্রমূল্যবোধ নতুন প্রজন্মৰ মাজলৈ লৈ যোৱা, খিলঞ্জীয়াক ভূমি অধিকাৰ প্রদানৰ বাবে মাটিৰ পট্টা প্রদানৰ দৰে বহু পদক্ষেপ ৰাজ্য চৰকাৰে গ্রহণ কৰি ইতিমধ্যে ৰূপায়ণ কৰিছে৷ চলিত বর্ষৰ মার্চ মাহৰ ভিতৰত এক লাখ খিলঞ্জীয়াক ভূমি পট্টা প্রদানৰ কাম সম্পূর্ণ কৰা হ’ব৷ আগন্তুক বিত্তীয় বর্ষত আৰু এক লাখ খিলঞ্জীয়ালৈ মাটিৰ পট্টা প্রদান কৰা হ’ব৷ ইপিনে জনগোষ্ঠীয় সংগঠনসমূহৰে হোৱা আলোচনাৰ অন্তত মন্ত্রী ড০ শর্মাই কয় যে ইতিমধ্যে ছয় জনগোষ্ঠীৰ লগত আলাপ–আলোচনা কৰি যিবোৰ বিষয়ত সহমতত উপনীত হোৱা গৈছিল, সেই বিষয়সমূহ বাজেটত প্রতিফলিত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্রয়াস কৰিব৷ প্রতিটো জনগোষ্ঠীৰ আর্থ–সামাজিক উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে প্রয়াস চলাই আহিছে আৰু এইবাৰৰ বাজটতো সেই দিশটোৰ ওপৰত গুৰুত্ব প্রদান কৰা হ’ব৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পর্কত তেওঁ কয় যে বিষয়টো মন্ত্রীগোটে সকলোৰে লগত আকৌ এবাৰ আলোচনা কৰি বিধানসভাৰ আসন্ন বাজেট অধিৱেশনৰ মাজতে প্রতিবেদন কেন্দ্রীয় চৰকাৰলৈ প্রেৰণ কৰিব৷ ইপিনে মুখ্যমন্ত্রী সোণোৱালে আজি কলিতা জনগোষ্ঠী সন্মিলনী, কেওট জাতীয় পৰিষদ আৰু সদৌ অসম সূত পৰিষদৰ প্রতিনিধি দলৰ সৈতে আন এখন বৈঠকত মিলিত হৈ বাজেটত অন্তর্ভুক্ত কৰিবলগীয়া বিষয় সম্পর্কত পৰামর্শ গ্রহণ কৰে৷

You might also like