নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষিমন্ত্রীয়ে কৃষকক ক্ষতিপূৰণ দিয়ক: আছু

নিয়মীয়া বার্তা, ২ জুনঃ বছৰৰ প্রথমটো বানত বুৰ গ’ল কামৰূপ (ম) জিলাৰ বিস্তীর্ণ কৃষিভূমি৷ বিশেষকৈ চন্দ্রপুৰ, আজাৰা আৰু সোণাপুৰ ৰাজহ চক্রৰ কেইবাহাজাৰ বিঘা কৃষিভূমিৰ শস্য বানত ডুব যোৱাৰ ফলত খেতিয়কসকলে মূৰে–কপালে হাত দিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে৷ সোণাপুৰ ৰাজহ চক্রৰ অন্তর্গত মালয়বাৰী, বগিবাৰী, দুৰুং, ঔজাৰী, সোণাপুৰ পথাৰ, কচুতলী, বৰবিলা আদি অঞ্চলৰ হাজাৰ হাজাৰ বিঘা বৰো ধানৰ খেতি, শাক–পাচলি, মাকৈ আদিৰ খেতি বানৰ ফলত ক্ষতিগ্রস্ত হৈছে৷ একেদৰে চন্দ্রপুৰ ৰাজহ চক্রৰ ধামখুন্দা, কমাৰপুৰ দীঘলহাটী, শান্তিপুৰ, নলনীবস্তি, নলঘুলি, মিছামাৰী, ধীপূজী জানপাম, গোভালী, তাঁতীমাৰা চাপৰ, বৰচাপৰি আদি অঞ্চলৰ সহস্রাধিক বিঘা কৃষিভূমিৰ ধান, মাকৈ, শাক–পাচলি বানৰ বাবে ক্ষতিগ্রস্ত হৈছে৷

আজাৰা ৰাজহ চক্রৰ অন্তর্গত এলেকাৰ কেইবাঠাইতো শাক–পাচলিৰ খেতি বানে বিধ্বস্ত কৰিছে৷ হঠাৎ এনেদৰে নিজৰ খেতিডৰা বানৰ কবলত পৰাৰ ফলত একাংশ খেতিয়ক সর্বস্বান্ত হোৱাৰ উপক্রম ঘটিছে৷ বহু খেতিয়কে ঋণ লৈ কৰা খেতি এতিয়া পানীৰ তলত আছে৷ লকডাউনে জুৰুলা কৰা গ্রামাঞ্চলৰ এইসকল কৃষক ঋণ ওভতাবলৈ এতিয়া সক্ষম নহয়৷ এনে কঠিন পৰিস্থিতিত সদৌ কমৰূপ(ম) জিলা ছাত্র সন্থাৰ সভাপতি কুশ ৰংপি আৰু সাধাৰণ সম্পাদক দিব্যজ্যোতি মেধিয়ে সমগ্র জিলাখনৰ বান ক্ষতিগ্রস্ত খেতিয়কসকলক ৰাজ্যৰ কৃষিমন্ত্রী অতুল বৰাক সহায়ৰ হাত আগবঢ়াবৰ বাবে যথোপযুক্ত পদক্ষেপ গ্রহণৰ দাবী জনাইছে৷ কৃষি বিভাগে বান ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিভ্রমণ কৰি বান ক্ষতিগ্রস্ত কৃষকসকলক ক্ষতিপূৰণ দিয়াৰ বাবে কৃষি বিভাগক দাবী জনাইছে ছাত্র সন্থাই৷

You might also like