নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্ঘটনাগ্রস্ত পিতৃ আইচিইউতঃ বৃক্ক অচল পুত্রৰ

নিয়মীয়া বাৰ্তা, ৫ মে’ : ক’ভিড–১৯ৰ ভয়াৱহ সংক্রমণ ৰোধৰ বাবে দেশজুৰি চলি আছে লকডাউন৷ লকডাউন চলি থকাৰ সময়তে তামুলপুৰ মহকুমাৰ অন্তর্গত পঠালিকুছিৰ মহেশ কলিতাৰ পৰিয়ালৰ মাজলৈ নামি আহিছে ঘোৰ অমানিশা৷ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক পঠালিকুছি গাঁৱৰ মহেশ কলিতাই যোৱা ২৯ ফেব্রুৱাৰীৰ সন্ধিয়া টিউচন কৰি ঘৰলৈ উভতি আহি থকা অৱস্থাত ঘৰৰ সমীপত ৰঙিয়া–ভূটান ঘাইপথত অচিনাকি বাহনে খুন্দিয়াই থৈ যোৱাৰ ফলত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়৷ পৰিয়ালৰ লোকে স্থানীয় লোকৰ সহায়ত মহেশ কলিতাক গুৱাহাটীৰ স্বাগত হাস্পাতলত ভর্তি কৰায় যদিও বিগত দুমাহ ধৰি জীৱন মৃত্যুৰে যুঁঁজি চিকিৎসালয়ৰ আইচিইউত চিকিৎসাধীন হৈ আছে মহেশ কলিতা৷

ইপিনে, বিগত তিনি বছৰ ধৰি তেওঁ শিক্ষকতা কৰা দ্বাৰকুছি আদর্শ বিদ্যা নিকেতনৰ সপ্তম শ্রেণীত অধ্যয়নৰত একমাত্র পুত্র মৃণম্ম কলিতা বৃক্কৰ জটিল ৰোগত আক্রান্ত হৈ আছে৷ তেওঁক সময়ে সময়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নি চিকিৎসা কৰাৰ ব্যৱস্থা কৰি থকা হৈছিল যদিও তেওঁৰ বাঁওফালৰ বৃক্কটো অচল হৈ পৰাত চিকিৎসকে শীঘ্রেই অস্ত্রোপচাৰ কৰাৰ পৰামর্শ দিছিল মহেশ কলিতাক৷ কিন্তু ব্যক্তিগত বিদ্যালয়ত চাকৰি কৰা মহেশ কলিতাই একমাত্র সন্তানৰ চিকিৎসাৰ বাবে ধন বিচাৰি হাবাথুৰি খাইছিল৷ উপায়হীন হৈ নিজৰ যি অলপ স্থাৱৰ–স্থাৱৰ সম্পত্তি আছিল, সেয়া বিক্রী কৰি পুত্রৰ চিকিৎসাৰ বাবে ধন গোটাইছিল৷ সেই টকাৰে পুত্রক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰাই অস্ত্রোপচাৰ কৰাৰ চিন্তা–চর্চা কৰিছিল যদিও পুত্রক চিকিৎসালয়ত ভর্তি কৰাৰ আগতেই নিজেই দুর্ঘটনাত পতিত হৈ চিকিৎসালয়ত মৃত্যুৰ স’তে যুঁজি থকাত পুত্রৰ নামত সাঁচি ৰখা ধন নিজৰ চিকিৎসাত খৰচ হৈ যায়৷

আনহাতে, দীর্ঘদিন ধৰি চিকিৎসালয়ত থকা মহেশ কলিতাৰ চিকিৎসাৰ খৰচ বাঢ়ি যোৱাত উপায়হীন হৈ পৰিছে তেওঁৰ বৃদ্ধা মাতৃ তথা দুই কন্যা সন্তান৷ এফালে, পিতৃৰ চিকিৎসাৰ বাবে অর্থৰ অভাৱ, ভাতৃয়ো বৃক্কৰ জটিল ৰোগত আক্রান্ত৷ আনফালে লকডাউনৰ ফলত খাদ্য সংকটত ভোগা পৰিয়ালটোৰ দুখ কুলাই–পাচিয়ে নধৰা হৈছে৷ সম্প্রতি পিতৃ তথা ভাতৃক চিকিৎসাৰ বাবে বুজন পৰিমাণৰ অর্থৰ প্রয়োজন হোৱাত পৰিয়ালটোৰ বৃদ্ধ মাতৃ, জীয়ৰী তথা ভৱিষ্যতে ভালদৰে পঢ়া–শুনা কৰি ভাল মানুহ হৈ পিতৃ–মাতৃক সুখত ৰখাৰ সপোন দেখা মৃণম্মই অসম চৰকাৰৰ স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যৰ সুহূদ লোকৰ পৰা বিচাৰিছে আর্থিক সাহায্য৷ কোনো সুহূদ ব্যক্তিয়ে আর্থিক সাহায্য দিব বিচাৰিলে মহেশ কলিতাৰ একাউণ্ট নম্বৰ ৩৮৯৮০২০১০০০৩৬০৫, আই এফ এছ চি ইউ বি আই এন ০৫৩৮৯৮১ নম্বৰত আগবঢ়াবলৈ অনুৰোধ জনোৱা হৈছে৷

You might also like