নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আনুষ্ঠানিক বিবাহ বিচ্ছেদ বিশ্বৰ ধনাঢ়্য দম্পতী বিল–মেলিণ্ডা গেটছৰ

নিয়মীয়া বাৰ্তা ৪ আগষ্টঃ ২৭ বছৰীয়া বৈবাহিক জীৱনৰ অন্ত পেলোৱাৰ ঘোষণাৰ তিনি মাহৰ মূৰকত আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হ’ল বিশ্বৰ ধনাঢ়্য দম্পতী বিল গেটছ আৰু মেলিণ্ডা গেটছৰ৷ আমেৰিকা যুক্তৰাষ্ট্রৰ বিবাহ বিচ্ছেদৰ ৯০ দিনীয়া নিয়মানুযায়ী কালি ৱাশ্বিংটনৰ এখন আদালতত গেটছ দম্পতীৰ আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ সম্পন্ন হয়৷ আদালতৰ বিচাৰপতিয়ে দম্পতী হালক বিচ্ছেদৰ পিছত সম্পত্তিৰ ভাগ–বাটোৱাৰা কৰি ল’বলৈও নির্দেশ দিয়ে৷

বিবাহ বিচ্ছেদৰ নিয়মানুসৰি এই ভাগ–বাটোৱাৰাত কাৰ হাতত কিমান সম্পত্তি থাকিব সেয়া গোপনীয় বুলিও আদালতে প্রকাশ কৰিছে৷ উল্লেখ্য যে ব্লুমবার্গ মিলিয়নাৰ ইনডেস্কৰ মতে ৬৫ বছৰীয়া বিল গেটছৰ সম্পত্তিৰ পৰিমাণ ১৫০ বিলিয়ন মার্কিন ডলাৰতকৈও অধিক৷ উনুকিয়াব লাগিব যে যোৱা মে’ মাহত বিবাহ বিচ্ছেদৰ ঘোষণাৰ পিছতেই বিল গেটছে মেলিণ্ডা ফ্রেন্স গেটছৰ গেটছ কেছকেড ইনভেষ্টমেণ্টলৈ তিনি বিলিয়ন মার্কিন ডলাৰৰ সম্পত্তি হস্তান্তৰ কৰিছিল৷

You might also like