নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ চাঞ্চল্যকৰ তথ্য: কেৰালাৰ চোৰাং সোণৰ ধনেৰে চলিছিল দেশজোৰা ‘কা’ আন্দোলন

নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ কেৰালাৰ শেহতীয়া ৰাজনীতি তোলপাৰ কৰা কোটিটকীয়া সোণ কেলেংকাৰিৰ সৈতে সাঙোৰ খালে নাগৰিকত্ব সংশোধনী আইনবিৰোধী ‘কা’ আন্দোলন৷ কেন্দ্রীয় গৃহ বিভাগে দাবী কৰা মতে, কূটনৈতিক চেনেলত উপসাগৰীয় দেশসমূহৰ পৰা কেৰালালৈ সৰবৰাহ হৈ থকা চোৰাং সোণৰ ধনেৰে পৰিচালিত হৈছিল যোৱা বছৰ ডিচেম্বৰ মাহৰ পৰা চলিত বছৰৰ ফেব্রুৱাৰীলৈকে চলা দেশৰ ‘কা’ আন্দোলন৷ কেৰালাৰ প্রায় ১৫ কোটিটকীয়া ৩০ কেজি সোণ কেলেংকাৰিৰ তদন্তৰ দায়িত্বত থকা ‘নিয়া’ই শেহতীয়াকৈ এইক্ষেত্রত কেইবাটাও তথ্য লাভ কৰিছে৷ আনকি ফেব্রুৱাৰী মাহত দিল্লীত সংঘটিত সাম্প্রদায়িক সংঘর্ষতো উপসাগৰীয় দেশসমূহৰ পৰা সৰবৰাহ কৰা চোৰাং সোণৰ ধন ব্যৱহাৰ কৰা হৈছিল বুলি দাবী কৰা হৈছে৷

কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ তৰফৰপৰা প্রকাশ কৰা হৈছে যে কেৰালা আৰক্ষীয়ে প্রদান কৰা তথ্যৰ ভিত্তিত শেহতীয়াকৈ উত্তৰ প্রদেশৰ পৰা গ্রেপ্তাৰ কৰা এজন মালায়লী যুৱকৰ পৰা কেন্দ্রীয় চোৰাংচোৱা সংস্থা আই বিয়ে ‘কা’বিৰোধী আন্দোলনত চোৰাং সোণৰ ধন ব্যৱহাৰ হোৱাৰ প্রথমটো সূত্র ক্লু লাভ কৰিছিল৷ কোৱা হৈছে কাটাৰ, কুৱেট, ছৌদি আৰব আৰু সংযুক্ত আৰব এমিৰিটাছত সক্রিয় কেইবাটাও সংগঠনৰ জৰিয়তে কূটনৈতিক চেনেলত দক্ষিণ ভাৰত মূলতঃ কেৰালাত দীর্ঘদিন ধৰি চোৰাং সোণৰ সৰবৰাহ হৈ আহিছিল৷ ‘নিয়া’ৰ তদন্তত দেখা গৈছে সোণৰ চোৰাং সৰবৰাহ কৰি অহা সংগঠনসমূহেই ২০১৯ চনৰ ডিচেম্বৰ মাহত দেশৰ ‘কা’বিৰোধী আন্দোলন তথা হিংসাত্মক কার্যকলাপত পুঁজিৰ যোগান ধৰিছিল৷ আৰু দেখা গৈছে কেৰালাৰ এচাম লোকৰ সৈতে উপসাগৰীয় দেশসমূহৰ সংগঠনসমূহৰ প্রত্যক্ষ যোগাযোগ আছে৷ অন্ততঃ অমিত শ্বাহৰ কেন্দ্রীয় গৃহ বিভাগৰ নিশ্চিত ধাৰণা হ’ল এয়া৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমত এই বাতৰি পৰিৱেশিত হোৱাৰ পিছত দিল্লীস্থিত অবজার্ভাৰ ৰিছার্চ ফাউণ্ডেচনৰ গৱেষক তথা সন্ত্রাসবাদবিৰোধী, আভ্যন্তৰীণ নিৰাপত্তা বিষয়ক বিশেষজ্ঞ কবিৰ তানেজাৰ নিচিনা একাংশ গৱেষকে এইক্ষেত্রত সন্দেহ ব্যক্ত কৰা পৰিলক্ষিত হৈছে৷

কবিৰ তানেজাৰ মতে, তদন্তকাৰী সংস্থাসমূহে তেওঁলোকে লাভ কৰা প্রমাণাদি আদালতত জমা দিয়ক৷ সংবাদ মাধ্যমৰ আগত এইবোৰ তথ্য প্রকাশ কৰাতকৈ আদালতত যেতিয়ালৈকে তদন্তকাৰী সংস্থাই তথ্য জমা নিদিয়ে, তেতিয়ালৈকে ৰাজনৈতিক উদ্দেশ্যপ্রণোদিতভাৱে এইবোৰ খবৰ বিয়পাই থকা হৈছে বুলিহে সন্দেহৰ উদ্রেক কৰে৷ তদুপৰি এইবোৰ খবৰ অধিক সময়তে মুখৰচক খবৰ হিচাপে সচেতন মহলত বিবেচিত হৈ আহিছে বুলি তানেজাই কটাক্ষ কৰে৷

You might also like