নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ নেতৃত্বই শিক্ষা ল’বনে?

দেশৰ ৰাজনীতিত কংগ্রেছৰ স্থিতি ক্রমাৎ দুর্বল হৈ পৰা সময়তে সভানেত্রী ছোনিয়া গান্ধীলৈ ২৩গৰাকী জ্যেষ্ঠ নেতাৰ পত্রই সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷ পত্রখনক লৈ ইতিমধ্যে কংগ্রেছ ৱর্কিং কমিটীত আলোচনা হৈছে আৰু একাংশ কংগ্রেছীয়ে ইয়াক নেতৃত্বৰ বিৰুদ্ধে বিসম্বাদ বুলি অভিহিত কৰি তীব্র সমালোচনা কৰাৰ বিপৰীতে আন একাংশই পত্রখনত উল্লেখ কৰা পৰামর্শসমূহ সময়ৰ আহ্বান বুলি অকপটে স্বীকাৰ কৰিছে৷ কংগ্রেছ ৱর্কিং কমিটীৰ বৈঠকৰ পিছতে এটা কথা সুস্পষ্ট হৈ পৰিছে ছোনিয়া গান্ধীৰ বিৰুদ্ধে বিসম্বাদ সৃষ্টি হোৱা নাই৷ বৰঞ্চ ছোনিয়াক অন্তর্ৱর্তীকালীন সভাপতি হিচাপে স্বীকাৰ কৰি দলৰ আভ্যন্তৰীণ সংস্কাৰৰ ক্ষেত্রত সিদ্ধান্ত গ্রহণৰ বাবে অর্পণ কৰা কর্তৃত্বক সকলোৱে স্বীকাৰ কৰি লৈছে৷ বিগত কেইটামান বছৰত কেইবাজনো যুৱ কংগ্রেছী নেতাই দলত্যাগ কৰিছে এইবাবেই যে নেতৃত্বৰ সময়োচিত হস্তক্ষেপৰ অভাৱত দলটোৰ ভৱিষ্যতক লৈ তেওঁলোকৰ মাজত অনিশ্চয়তা আৰু আশংকা দুয়োটাৰেই সৃষ্টি হৈছে৷ দুবাৰকৈ লোকসভা নির্বাচনত কংগ্রেছ শোচনীয়ভাৱে পৰাজিত হৈছে৷ বিভিন্ন প্রান্তত দলটোৰ প্রতি সাধাৰণ নাগৰিকৰ সমর্থন দ্রুতহাৰত হ্রাস পাইছে৷ ইয়াৰ পিছতো গান্ধী পৰিয়ালৰ বিৰুদ্ধে কংগ্রেছত যে এতিয়াও বিসম্বাদে গা কৰি উঠা নাই, তাৰ বাবে ছোনিয়া গান্ধী–ৰাহুল গান্ধীক সৌভাগ্যৱান বুলিয়ে ক’ব লাগিব৷ কিন্তু ২৩গৰাকী জ্যেষ্ঠ নেতাই দলত সংস্কাৰৰ পৰামর্শৰে যিখন পত্র প্রেৰণ কৰিছে, উক্ত পত্রক গান্ধী পৰিয়াল আৰু নেতৃত্বই গুৰুত্বসহকাৰে লৈ জৰুৰী পদক্ষেপ গ্রহণ কৰিবই লাগিব৷ দলৰ সন্মুখত সৃষ্টি হোৱা ঘোৰ সংকট সন্দর্ভত সকীয়নি দি যিসকল নেতাই উক্ত পত্র প্রেৰণ কৰিছে, তাৰ ভিতৰত কেইবাজনো জ্যেষ্ঠ আৰু আজীৱন দলৰ প্রতি উৎসর্গিত নেতা আছে৷ নিঃসন্দেহে গুলাম নবী আজাদ, শশী থাৰুৰ, পৃথ্বীৰাজ চবন, বীৰাপ্পা মইলী, পি জে কুৰিয়ান আদিৰ দৰে নেতাৰ নিষ্ঠাক লৈ নেতৃত্বই প্রশ্ণ উত্থাপন কৰাটো হ’ব দুর্ভাগ্যজনক৷ তদুপৰি কপিল ছিবাল, মনীষ তিৱাৰী, বিবেক টাংখাৰ দৰে প্রভাৱশালী নেতাই দলটোৰ হকে ৰাজনৈতিক পথাৰত যুঁজ দি আহিছে৷ তেওঁলোকে নেতৃত্বক প্রত্যাহ্বান জনোৱাৰ সলনি যে ঘোৰ নিদ্রাৰ পৰা সাৰ পেলোৱাৰ চেষ্টা কৰিছে, সেয়া দলটোৰ বাবেই আশাৰ বতৰা৷ প্রকৃততে ২০১৪ চনৰ লোকসভা নির্বাচনৰ পিছতে এনে এক পদক্ষেপৰ প্রয়োজন আছিল৷ মেকুৰীৰ ডিঙিত টিলিঙা আঁৰিবলৈ অৱশেষত এইসকল নেতা আগবাঢ়ি আহিল৷
গ্রেণ্ড অ’ল্ড পার্টী হিচাপে পৰিচিত কংগ্রেছত পৰিৱর্তনৰ আটাইতকৈ ডাঙৰ প্রয়োজন আহি পৰিছে এইবাবেই যে কেৱল গান্ধী পৰিয়ালৰ নামেৰেই দেশৰ ৰাজনীতিত দলটো চলি থকাৰ দিন এতিয়া নাই৷ তদুপৰি ব্যক্তিত্বৰ দিশৰ পৰা গান্ধী পৰিয়ালতো নাই তাহানিৰ দিন৷ সেয়ে দলটোৰ অভ্যন্তৰত গণতান্ত্রিক ব্যৱস্থা শক্তিশালী কৰাৰ বাবে এতিয়া অন্য গত্যন্তৰ নাই৷ উপৰিউক্ত পত্রখনত যিসমূহ পৰামর্শ আগবঢ়োৱা হৈছে, তাৰ পৰা এই কথা সহজে উপলব্ধি হয়৷ পত্রখনত গুৰুত্ব দিয়া হৈছে পূর্ণকালীন, সক্রিয়, কার্যক্ষম আৰু জনমানসত দৃশ্যমান এগৰাকী সভাপতিৰ ওপৰত, যিয়ে দলটোক শক্তিশালীভাৱে নেতৃত্ব দিব পাৰে৷ কংগ্রেছ ৱর্কিং কমিটীকে ধৰি সকলো পর্যায়তে নির্বাচনৰ জৰিয়তে বিষয়ববীয়া নিযুক্তিৰ পৰামর্শও দিয়া হৈছে পত্রখনত৷ ব্লক–পঞ্চায়ত–জিলা সকলো পর্যায়তে বিষয়ববীয়াসকলক নির্বাচনৰ জৰিয়তে নিযুক্তি দিয়াৰ পৰম্পৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি গুলাম নবী আজাদৰ দৰে জ্যেষ্ঠ নেতাই স্পষ্টভাৱে কৈছে যে এজন মনোনীত সভাপতিৰ ১ শতাংশ সমর্থকো নাথাকিব পাৰে৷ আন এটা উল্লেখযোগ্য দিশৰ বিষয়েও পত্রখনত উল্লেখ কৰা হৈছে৷ সেয়া হ’ল– নীতি–আদর্শৰ সাদৃশ্য থকা দলৰ সৈতে মিত্রতাৰ ক্ষেত্রত আগভাগ লৈ কংগ্রেছে মুকলি মনেৰে আগবাঢ়ি যাব লাগিব৷ দলৰ অভ্যন্তৰত এইবিলাক কথা বহু পূর্বৰে পৰা আলোচনা হৈ আহিছে যদিও নেতৃত্বই ইমানদিনে পদক্ষেপ গ্রহণৰ প্রয়োজনীয়তা অনুভৱ কৰা নাছিল বা পদক্ষেপ গ্রহণ কৰিবলৈ সাহসৰ অভাৱ ঘটিছিল৷ সেয়ে ২৩গৰাকী জ্যেষ্ঠ নেতাৰ পৰামর্শসম্বলিত পত্রখনক লৈ সৃষ্টি হোৱা সুদূৰপ্রসাৰী প্রতিক্রয়াৰ গুৰুত্ব এইবাবেই আটাইতকৈ বেছি যে নেতৃত্বৰ নিষ্ক্রিয়তাৰ বাবে যদি দলত অধিক ভাঙোনৰ সৃষ্টি হয়, তেন্তে ইয়াৰ বাবে গান্ধী পৰিয়ালেই দোষী বুলি সর্বসন্মতভাৱে প্রতিপন্ন হ’ব৷ শেহতীয়া পৰিস্থিতিৰ পৰা কংগ্রেছ নেতৃত্বই শিক্ষা ল’বনে?

You might also like