নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যত আবদ্ধ অসমৰ লোকক ওভতাই অনাৰ দাবী গগৈৰ

নিয়মীয়া বাৰ্তা, ২৯ এপ্রিলঃ ৰাজস্থানৰ কোটাত আবদ্ধ হৈ থকা অসমৰ ছাত্র–ছাত্রীসকলক অসম চৰকাৰে নিজ ৰাজ্যলৈ ঘূৰাই আনি তেওঁলোকৰ লগতে পৰিয়ালসমূহক যি সকাহ প্রদান কৰিলে, তাৰ বাবে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে ৷ এক বিবৃতিত প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে লগতে কয় যে কোটাৰ উপৰি দেশৰ বিভিন্ন ঠাইত এতিয়াও অসমৰ বহু হাজাৰ ছাত্র–ছাত্রী দুর্ভাগ্যজনকভাৱে আবদ্ধ হৈ আছে ৷ ঠিক তেনেদৰে চিকিৎসা লাভৰ বাবে যোৱা বহুতো লোক বিভিন্ন ঠাইত আবদ্ধ হৈ আছে ৷ তেওঁলোকৰ দুখ কুলাই পাচিয়ে নধৰা হৈছে ৷ এইসকল লোককো অসম চৰকাৰে মানৱীয়তাৰ দৃষ্টিভংগীৰে ৰাজ্যলৈ ওভতাই আনিব লাগে ৷ ইয়াৰ উপৰি দেশৰ বিভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লাখ লাখ যুৱক–শ্রমিক বর্তমান কর্মহীন হৈ নানান সমস্যাৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰি গগৈয়ে কয় যে কিছু ৰাজ্যই ব্যৱস্থা গ্রহণ কৰাৰ দৰে অসম চৰকাৰেও সেইসকল লোকক সোনকালে গৃহৰাজ্যলৈ ওভতাই অনাৰ দাবী জনায়৷ আনহাতে, ক’ৰোনাৰ ফলত বিস্তৰ ক্ষতিগ্রস্ত হোৱা কৃষক, পশুপালক, মধ্যম আৰু ক্ষুদ্র ব্যৱসায়ী, দৈনিক মজদুৰ, ঠেলাৱালা, ৰিক্সাৱালা আদিক সকাহ দিয়াৰ বাবে চৰকাৰক এখন আঁচনি গ্রহণৰ দাবী জনায় ৷

You might also like