নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯ বছৰৰ ভিতৰত সর্বনিম্ন দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ

নিয়মীয়া বাৰ্তা, ২৮ এপ্রিলঃ ক’ভিড–১৯ৰ পৰিপ্রেক্ষিতত ঘোষণা কৰা লকডাউনৰ বাবে দেশৰ অর্থনীতি ক্ষতিগ্রস্ত হ’ব ৷ দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ (জি ডি পি) হাৰ ১.৯ শতাংশলৈ নিম্নগামী হ’ব বুলি প্রকাশ কৰিছে ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিছার্চে ৷ বিগত ২৯ বছৰৰ ভিতৰত সর্বনিম্ন হিচাপে বিবেচিত হোৱা জি ডি পিৰ হাৰ নিম্নগামীয়ে দেশৰ অর্থনীতিত বিৰূপ প্রভাৱ পৰিব ৷ উল্লেখ্য যে বিত্তীয় বর্ষ ১৯৯১–৯২ত দেশৰ জি ডি পি ১.১ শতাংশলৈ নিম্নগমী হোৱাৰ পাছত লকডাউনৰ বাবে চলিত বিত্তীয় বর্ষত জি ডি পি ১.৯ শতাংশলৈ নিম্নগামী হ’ব ৷ মন কৰিবলগীয়া যে প্রথম পর্যায়ৰ লকডাউন আৰম্ভ হোৱাৰ সময়ত যোৱা ৩০ মার্চত ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিছার্চে দেশৰ জি ডি পিৰ হাৰ ৩.৬ শতাংশলৈ নিম্নগামী হ’ব বুলি সম্ভাৱনা ব্যক্ত কৰিছিল৷ কিন্তু মার্চৰ পৰা এপ্রিল আৰু এপ্রিলৰ পৰা মে’লৈ চলি থকা আংশিক লকডাউনে জি ডি পিৰ ওপৰত প্রচণ্ড প্রভাৱ পেলোৱাৰ বাবে জি ডি পি ১.৯ শতাংশলৈ নিম্নগামী হ’ব বুলি সংশোধিত প্রতিবেদন প্রকাশ কৰিছে ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিছার্চে৷ আনপিনে, যদি আংশিক লকডাউন জুনৰ শেষলৈকে চলি থাকে, তেতিয়াহ’লে জি ডি পিৰ হাৰ নিম্নগামী হৈ বিগত ৪১ বছৰৰ ভিতৰত নিম্নগামী হিচাপে বিবেচিত হোৱাৰ সম্ভাৱনাও ব্যক্ত কৰে সংস্থাটোৱে ৷ লক্ষণীয় যে সংস্থাটোৱে প্রকাশ কৰা মতে, চলিত বিত্তীয় বর্ষত চৰকাৰখন বিত্তীয় ঘাটিৰ সন্মুখীন হ’ব ৷

You might also like