নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০ টকা উৎকোচ নিদিয়াত ভাঙিলে কণীৰ ঠেলা..তাৰ পিছত…!

নিয়মীয়া বাৰ্তা ২৭ জুলাইঃ  লকডাউনৰ সময়ত দৈনিক জীৱন সংগ্ৰাম কৰি ঘৰ চলোৱা মানুহ বোৰৰ জীৱন যেন ভয়াবহ হৈ উঠিছে। তাৰ মাজতে বহু ঠাইত কেইবাটাও অমানৱীয় ঘটনাও সংঘটিত হৈছিল। কৰবাত আকৌ মানৱতা যে হেৰাই যোৱা নাই তাৰ উদহাৰণ পোৱা গৈছে। শেহতীয়াকৈ মধ্য প্ৰদেশত ছচিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈছিল। মধ্য প্ৰদেশৰ এজন কিশোৰ পাৰস ৰাইকাৰে কণী বিক্ৰী কৰিছিল । কিন্তু প্ৰশাসনিক নিয়ম পালন নকৰা বাবে কৰ্মচাৰীয়ে পাৰসৰ কণী ভৰ্ত্তি ঠেলা খন ভাঙি দিছিল। পাৰসৰ কাৰেণে এইটো বহু ডাঙৰ অৰ্থনৈতিক আঘাত আছিল কিয়নো কণী বিক্ৰী কৰিয়েই পাৰসে অন্ন এমুঠিৰ যোগাৰ কৰিছিল ।

ইণ্ডোৰত থকা পাৰসৰ মতে লকডাউনৰ বাবে সো -বাঁওৰ নিয়ম অনুসৰি প্ৰশাসনিক অধিকাৰীয়ে  পাৰসক ধমকি দিছিল পাৰসৰ ঠেলা ৰাস্তাৰ পৰা আতঁৰাই দিব লাগে অথবা ১০০ টকা দিব লাগে। যেতিয়া পাৰসে অধিকাৰীক ১০০ টকা আদায় দিব অসন্মত হৈছিল তেতিয়া অধিকাৰী সকলে ঠেলা খন ভাঙি দিছিল আৰু যাৰ বাবে গোটেই কণীসমূহ ভাঙি চূৰমাৰ হৈ গৈছিল। সেই ভটো তথা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল। অৱশেষত এই খবৰটো ৰজাঘৰ গৈ পাইছিল।

পাৰসৰ ঘটনটোৱে শাসকীয় চৰকাৰ খনক শলকেঠত পেলাইছিল তাৰ পিছত ভাৰতীয় জনতা পাৰ্টীৰ ইন্দোৰৰ সাংসদ ৰমেশ মণ্ডৌলা ই পাৰসৰ কাৰণে প্ৰধান মন্ত্ৰী আবাস যোজনাৰ অধীনত ঘৰ আবন্টিত কৰিছে। আনহাতে মধ্য প্ৰদেশৰ পূৰ্ব মুখ্য মন্ত্ৰী দ্বিগবিজয় সিঙে পাৰস আৰু পাৰসৰ ভাই ভগ্নী সকলৰ পঢ়া লিখাৰ খৰচ উঠোৱাৰ দায়িত্ব বহন কৰিছে।

You might also like