নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মুত এবছৰ বাস কৰিলেই ভোটাধিকাৰ

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ ভূমিপুত্র নহ’লেও জম্মু–কাশ্মীৰত ভোটাধিকাৰ লাভ কৰিব৷ যোৱা আগষ্টত এই ঐতিহাসিক ঘোষণা কৰিছিল নির্বাচন আয়োগে৷ এইবাৰ জম্মুৰ উপায়ুক্তই নির্দেশ দিছে যে জম্মুত এবছৰৰ বেছি সময় ধৰি যিসকলে বসবাস কৰি আছে তেওঁলোকক ভোটাৰ বুলি গণ্য কৰা হয়৷ ইতিমধ্যে এই সন্দর্ভত সংশ্লিষ্ট বিভাগলৈ নির্দেশনা জাৰি কৰিছে উপায়ুক্তগৰাকীয়ে৷ ২০১৯ চনত সংবিধানৰ ৩৭০ ধাৰাৰ বিলুপ্তিৰ পিছতে বিশেষ ৰাজ্যৰ মর্যাদা হেৰুৱাইছিল জম্মু–কাশ্মীৰে৷ ইয়াৰ পিছতে কেন্দ্রীয়শাসিত অঞ্চলত পৰিণত হয় জম্মু–কাশ্মীৰ৷ তাৰ পিছত প্রথমবাৰলৈ নির্বাচনী সংশোধনৰ পথত আগবাঢ়িছে জম্মু–কাশ্মীৰৰ প্রশাসন৷ ইতিমধ্যে এই বিষয়টোক লৈ উপত্যকা অঞ্চলটোত সৃষ্টি হৈছে প্রতিক্রিয়া৷

You might also like