নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলাৰ বাবে মহিলাৰ দ্বাৰা পৰিচালিত পিংক এম্বুলেন্স সেৱা, ক’ত-কিয়

বিশেষ বাৰ্তা, ২ এপ্ৰিলঃ পুৰুষে ড্ৰাইভিং কৰে, পুৰুষে এম্বুলেন্স পৰিচালনা কৰে…। এনে প্ৰচলিত অঘোষিত নিয়মক প্ৰত্যাহ্বান জনাই নতুন এক ধাৰাৰ সৃষ্টি কৰিবলৈ ওলাইছে শ্বহীদ ভগৎ সিং সেৱা দলে। দিল্লীৰ বেচৰকাৰী স্বেচ্চাসেৱী সংস্থাটোৱে আৰম্ভ কৰিছে ‘পিংক এম্বুলেন্স’ সেৱা। মহিলা চালক আৰু মহিলা কৰ্মীৰ দ্বাৰা পৰিচালিত কেৱল মহিলা ৰোগীৰ বাবে মুকলি কৰা হৈছে দেশৰ ৰাজধানী চহৰখনত। প্ৰাৰম্ভিকভাৱে চাৰিখন গুলপীয়া এম্বুলেন্স মুকলি কৰি বিনামূলীয়াকৈ সেৱা আগবঢ়াই থকা হৈছে। এন জি অ’টোৰ মহিলা চেলৰ অধ্যক্ষা মনজীত কৌৰ ছাণ্টীয়ে প্ৰকাশ কৰা অনুসৰি, ক’ভিড মহামাৰীৰ ভয়াৱহ সময়ত জৰুৰীকালীন সেৱা আগবঢ়াইছিল সেৱা দলে। তেনে সময়ত এদিন সৰু ছোৱালী এজনীক তৎকালীনভাৱে এম্বুলেন্স সেৱাৰ প্ৰযোজন হৈছিল আৰু সুৰক্ষাৰ কথা চিন্তা কৰি পৰিয়ালৰ লোকে মহিলা চালক আছে নেকি সেই প্ৰশ্ন কৰিছিল। ইয়াৰ পাছতে বিষয়টো চিন্তা কৰিবলগীয়া বুলি ভাবিয়ে এই নতুন সেৱা আৰম্ভ কৰিছে সেৱা দলে।

You might also like