নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত বাওঁ গণতান্ত্ৰিক মঞ্চৰ বিক্ষোভ

নিয়মীয়া বাৰ্তা, ১২ জুন : বিভিন্ন দাবীৰ সমৰ্থনত বাওঁ গণতান্ত্ৰিক মঞ্চ , নগাঁৱৰ উদ্যোগত আজি ৫ টা ৰাজনৈতিক দলে সামাজিক দূৰত্ব মানি বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।

আয়কৰ দিব নলগা প্ৰতিটো পৰিয়ালক মহিলী ৭৫০০ টকাকৈ প্ৰদান কৰা পৰিয়ালৰ প্ৰতিগৰাকী সদস্যক ১০ কেজিকৈ চাউল আৰু অন্যান্য সামগ্ৰী ৬ মাহলৈ বিনামূলীয়াকৈ প্ৰদান কৰা , দিহিং পাটকাইৰ মুক্ত খনন বন্ধ কৰা, তৈল ক্ষেত্ৰৰ ব্যক্তিগত কৰণ বন্ধ কৰা আৰু জব কাৰ্ড প্ৰাপ্ত শ্ৰমিকৰ কৰ্মদিন ২০০ দিনলৈ বৃদ্ধি কৰাৰ লগতে দৈনিক মজুৰি ৫০০ টকালৈ বৃদ্ধি কৰাৰ দাবীত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়।

নগাঁও চহৰৰ মতিৰাম বৰা উদ্যান ক্ষেত্ৰৰ সন্মুখত ৰূপায়ন কৰা এই কাৰ্যসূচীত চি পি আই (এম)ৰ অমৰেন্দ্ৰ শৰ্মা, গুবিন নাথ, চি পি আইৰ ৰাতুল বৰা, চি পি আই ( এম এল) ৰ আৰোপ মহন্ত, আৰ চি পি আইৰ ইক্ৰামুল হুদা, দিলীপ ভূঞা আৰু আম আদমী পাৰ্টিৰ নুৰুল হাছান আদিৰ নেতৃত্বত বাওঁ গণতান্ত্ৰিক মঞ্চৰ সদস্য সকলে বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

You might also like