নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ ভূমিত অৱতৰণ অত্যাধুনিক ৰাফেল যুদ্ধ বিমান

দেশৰ সামৰিক ইতিহাসত নতুন যুগৰ আৰম্ভণি

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ বহু প্রতীক্ষিত অত্যাধুনিক ৰাফেল যুদ্ধ বিমানে অৱশেষত ভাৰতীয় ভূমি স্পর্শ কৰিলে৷ ফ্রান্সৰ পৰা ৭ হাজাৰ কিলোমিটাৰ অতিক্রম কৰি বুধবাৰে বিয়লি ৩.১৪ বজাত হাৰিয়ানাৰ আম্বালাৰ বায়ুসেনাৰ ঘাটিত ৫ ৰাফেল যুদ্ধ বিমানে অৱতৰণ কৰাৰ লগে লগে ভাৰতীয় সামৰিক বাহিনীত ইতিহাস সৃষ্টি হ’ল৷ আকাশী যুদ্ধত সর্বোত্তম হিচাপে চর্চিত ৰাফেল যুদ্ধ বিমানে আজি দিনত আবুধাবিৰ পৰা দেশলৈ উৰণ আৰম্ভ কৰাৰ লগে লগে দেশবাসীৰ মাজত চর্চা আৰম্ভ হয়৷ আবুধাবিৰ পৰা বিমানকেইখনে ভাৰত মহাসাগৰত প্রৱেশ কৰাৰ সময়তে আকাশীমার্গত বায়ুসেনা বাহিনীৰ দুখন ছুখই–৩০ এমকেআই বিমানে এছক’ট দি আদৰে৷ ইয়াৰ পাছতেই ভাৰতীয় আকাশমার্গত প্রৱেশ কৰা ৫ ৰাফেল যুদ্ধ বিমানক আইএনএছ কলকাতাৰ পৰা আদৰণি জনায়৷ কিছু ক্ষণৰ পিছতে বায়ুসেনা বাহিনীয়ে আম্বালাত হেপী লেণ্ডিঙৰ স্বাগতম জনোৱাৰ পাছতেই ভাৰতীয় বায়ুসেনা বাহিনীয়ে আম্বালাৰ আকাশমার্গত প্রৱেশৰ আলোকচিত্রসহ টুইটাৰত আদৰণি জনায় কয়, ‘ৱেলকাম হোম গ’ল্ডেন এৰ’জ’, ব্লু স্কাই অলৱেজ৷’ এই এৰ’ আকাশমার্গত সজাই তোলা হয় ছুখই–৩০ বিমানৰ দ্বাৰা৷ ইয়াৰ কিছু ক্ষণ পিছতে বহু চর্চিত অত্যাধুনিক ৰাফেল বিমান বিয়লি ৩.১৪ বজাত আম্বালাৰ বায়ুসেনা ঘাটিত অৱতৰণ কৰে৷ যুদ্ধ বিমানকেইখনে আম্বালাৰ ভূমি স্পর্শ কৰাৰ পিছতে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে টুইটাৰত কয়, ‘আম্বালাত পখী নিৰাপদে অৱতৰণ কৰিছে৷’ ভাৰতত ৰাফেল যুদ্ধ বিমানে স্পর্শ কৰাৰ পাছতেই সামৰিক ইতিহাসত নতুন যুগৰ শুভাৰম্ভ হ’ল৷ এই বহুমুখী কার্যক্ষম বিমানকেইখনে ভাৰতীয় বায়ুসেনা বাহিনীৰ সক্ষমতাত বৈপ্লৱিক পৰিৱর্তন আনিব৷

উল্লেখ্য যে ভাৰতৰ আকাশীমার্গত প্রৱেশ কৰাৰ পাছতেই নিৰাপত্তাৰ খাতিৰত আম্বালা বিমান ঘাটিৰ তিনি কিলোমিটাৰ ব্যাসার্ধত ব্যক্তিগত ড্রোন উৰণত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে সমীপৱর্তী ধুলকট, বলদেৱ নগৰ, গাৰনালা আৰু পঞ্চখৰা গাঁৱত ১৪৪ ধাৰা জাৰি কৰা হয়৷ আনকি আম্বালাত অৱতৰণৰ সময়ত বিমানকেইখনৰ ফটো তোলা কিম্বা ভিডি’ তোলাটো নিষেধ কৰা হয়৷ উনুকিয়াব পাৰি যে ভাৰতীয় বায়ুসেনা বাহিনী শক্তিশালীকৰণৰ পদক্ষেপ হিচাপে ফ্রান্সৰ পৰা ৩৬ ৰাফেল যুদ্ধ বিমান ক্রয়ৰ প্রথম পর্যায়ৰ ৫খন যুদ্ধ বিমান যোৱা ২৭ জুলাই সোমবাৰে ফ্রান্সৰ মেৰিগ্নেকৰ পৰা ভাৰতলৈ উৰণ আৰম্ভ কৰিছিল৷ ফ্রান্সৰ মেৰিগ্নেকৰ বায়ুসেনা ঘাটিৰ পৰা ভাৰতীয় ৰাষ্ট্রদূতে পতাকা জোকাৰি যাত্রা আৰম্ভ কৰিছিল৷ উক্ত যাত্রাৰ সময়ত যুদ্ধ বিমানে আকাশতে ইন্ধন ভৰোৱাৰ পিছত কালি ছৌদি আৰবৰ আবুধাবিত অৱতৰণ কৰে৷ আবুধাবিত নিশাটো কটাই আজি দিনত বিমানকেইখনে ভাৰতমুখী যাত্রা আৰম্ভ কৰে৷ প্রায় দুই ঘণ্টা যাত্রাৰ অন্তত বিয়লি ৫ ৰাফেল বিমান আম্বালাৰ ঘাটিত অৱতৰণ কৰে৷ ভাৰতীয় বায়ুসেনা বাহিনীৰ সক্ষমতাক অধিক শক্তিশালী কৰা এই যুদ্ধ বিমানকেইখনক পানীহিলৈৰে আদৰণি জনোৱা হয় আৰু এই ক্ষণত উপস্থিত থাকে বায়ুসেনা বাহিনীৰ মুৰব্বী আৰ কে এছ ভাদৌৰিয়াই৷ ৰাফেল যুদ্ধ বিমান ভাৰতলৈ অনাৰ ক্ষেত্রত বৈমানিকক নেতৃত্ব দিয়া কেপ্ঢেইন হৰকিৰট সিঙে বায়ুসেনাৰ মুৰব্বীৰ সৈতে এই বিমানৰ উৰণ আৰু ফ্রান্সত প্রশিক্ষণৰ সন্দর্ভত বিতং ব্যাখ্যা কৰে৷ প্রথম পর্যায়ত দেশলৈ অনা ৫ যুদ্ধ বিমানকেইখন ১৭ স্কোৱার্ডনত অন্তর্ভুক্ত কৰা হ’ব৷ এই স্কোৱার্ডনৰ কমাণ্ডিং অফিচাৰ কেপ্ঢেইন হৰকিৰাট সিং৷ সাত ভাৰতীয় বৈমানিকসহ ১৭ গ’ল্ডেন এৰ’জ স্কোৱার্ডনৰ কমাণ্ডিং অফিচাৰৰে ৫খন যুদ্ধ বিমানৰ ফ্রান্সৰ পৰা আৰম্ভ হোৱা যাত্রা আম্বালাত সামৰণি পৰে৷ উল্লেখ্য যে ২০১৬ চনত ফ্রান্সৰ ডাছাল্ট এভিয়েচন কোম্পানীৰ সৈতে ৩৬ ৰাফেল যুদ্ধ বিমান ক্রয়ৰ ৬০ হাজাৰ কোটি টকাৰ চুক্তি হৈছিল৷ এই বিমানক লৈ বিৰোধীয়ে দুর্নীতি হোৱা বুলি দেশজুৰি প্রতিবাদ কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে এই যুদ্ধ বিমান ক্রয় চুক্তিত কোনো অনিয়ম সংঘটিত হোৱা নাই বুলি ৰায় প্রদান কৰিছে৷ ইয়াৰ পাছতেই ৰাফেল যুদ্ধ বিমান ক্রয় চুক্তি কার্যকৰী কৰাৰ ক্ষিপ্রতা বৃদ্ধি পায় আৰু আজি সেই ৩৬ ৰাফেল যুদ্ধ বিমানৰ প্রথম পর্যায়ত ৫খন ভাৰতে আনুষ্ঠানিকভাৱে লাভ কৰিলে৷ বাকীখিনি পৰৱর্তী বছৰৰ ভিতৰতে দেশলৈ আহিব বুলি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রালয়ে প্রকাশ কৰিছে৷ চুবুৰীয়া ৰাষ্ট্র চীনৰ সৈতে লাডাখত সীমা বিবাদক লৈ উত্তেজনা অব্যাহত থকাৰ সময়তে এই অত্যাধুনিক ৰাফেল যুদ্ধ বিমান লাডাখত মোতায়েন কৰাৰ পৰিকল্পনা আছে বায়ুসেনা বাহিনীৰ৷ প্রণিধানযোগ্য যে আম্বালাস্থিত ১৭ স্কোৱার্ডন (গ’ল্ডেন এৰ’জ)ত অন্তর্ভুক্ত হ’বলগীয়া এই ৰাফেল যুদ্ধ বিমানৰ পাঁচখনৰ ভিতৰত তিনিখন এখন আসনযুক্ত আৰু বাকী দুখন ২খন আসনযুক্ত বিমান৷
দেশৰ সুৰক্ষাতকৈ ডাঙৰ পুণ্য নাইঃ প্রধানমন্ত্রী মোদী
ৰাফেল যুদ্ধ বিমান বুধবাৰে আম্বালাত অৱতৰণ কৰাৰ পিছতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সংস্কৃত শ্লোকযোগে দেশৰ সুৰক্ষাৰ ওপৰত প্রাধান্য দি মন্তব্য কৰে৷ আম্বালা বিমান ঘাটিত ৰাফেল যুদ্ধ বিমান অৱতৰণৰ ভিডি’ শ্বেয়াৰ কৰি প্রধানমন্ত্রী মোদীয়ে টুইটত কয়, ‘দেশক সুৰক্ষিত কৰাৰ বাহিৰে ডাঙৰ পুণ্য নাই, দেশক সুৰক্ষিত কৰাতকৈ ডাঙৰ উপবাস নাই, ৰাষ্ট্রক সুৰক্ষিত কৰাতকৈ ডাঙৰ কর্ম নাই৷’

You might also like