নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনক এৰি দিয়া নহ’ব এক ইঞ্চিও ভূমি

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ  এক ইঞ্চিও ভূমি এৰি দিয়া নহ’ব চীনক৷ দখলদাৰী চীনক এই সকীয়নি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ৷ লাডাখৰ পূব প্রান্তৰ এল এ চিৰ পৰা চীনৰ সেনা প্রত্যাহাৰ প্রক্রিয়াৰ নিশ্চিতি প্রদান কৰি আজি ৰাজ্যসভাত প্রতিৰক্ষা মন্ত্রী সিঙে স্পষ্টভাৱে চুবুৰীয়া দেশখনক সকীয়নি দিয়ে৷ চলিত বাজেট অধিৱেশনত আজি ৰাজ্যসভাত লাডাখৰ পূব প্রান্তৰ সাম্প্রতিক পৰিস্থিতি সন্দর্ভত তথ্য দাঙি ধৰি প্রতিৰক্ষা মন্ত্রী সিঙে কয় যে লাডাখ সীমান্তত চীনা সেনাক ভাৰতীয় সেনাই যথোচিত প্রত্যুত্তৰ দিছে৷ দেশৰ সার্বভৌমত্বক সুৰক্ষিত কৰি ৰাখিবলৈ যিকোনো প্রত্যাহ্বানৰ মোকাবিলা কৰিবলৈ আমাৰ সেনা যে সক্ষম, তাক প্রমাণিত কৰিছে৷

লাডাখৰ গালৱান উপত্যকাত ২০ ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ বিপৰীতে চীনৰ পি এল এৰ ৪ জোৱান নিহত হোৱাৰ প্রসংগ উল্লেখ কৰি প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে কয় যে এল এ চিত শান্তি আৰু সুস্থিৰতা বর্তাই ৰখাৰ ক্ষেত্রত দায়বদ্ধ দেশৰ সশস্ত্র বাহিনীৰ কর্মদক্ষতা প্রশংসনীয়৷ দুই দেশৰ সীমান্ত সমস্যাৰ মীমাংসাপূর্ণ সমাধান নতুন দিল্লীয়ে বিচাৰে৷ ভাৰতে সদায়ে দ্বিপাক্ষিক সম্পর্ক বর্তাই ৰখাত প্রাধান্য দিয়া বুলি উল্লেখ কৰি প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে কয় যে এল এ চিৰ সমীপত চীনে বৃহৎসংখ্যক সেনা মোতায়েন কৰাৰ লগতে অস্ত্র–শস্ত্র মজুত ৰাখিছে৷ চুবুৰীয়া দেশখনে সীমান্তৰ সিপাৰে সামৰিক শক্তি বৃদ্ধি কৰাৰ প্রতি লক্ষ্য ৰাখি আমাৰ দেশেও পর্যাপ্ত আৰু সক্রিয়তাৰে প্রত্যাহ্বানৰ বাবে সাজু হৈ আছে৷ তদুপৰি এল এ চি উভয় পক্ষই মানি চলিব লাগিব বুলি স্পষ্ট কৰি প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে কয় যে চীনক স্পষ্ট কৰি দিয়া হৈছে যে এল এ চিত একপক্ষীয় সলনি কোনো কাৰণতেই গ্রহণযোগ্য নহয়৷ এক ইঞ্চিও ভূমি এৰি দিয়া নহ’ব৷

ইতিমধ্যে দুই দেশৰ সেনাৰ কমাণ্ডৰ পর্যায়ত হোৱা সহমত অনুসৰি পাংগং হ্রদৰ দক্ষিণ আৰু উত্তৰ দাঁতিৰ পৰা সেনা প্রত্যাহাৰ প্রক্রিয়া আৰম্ভ কৰা হৈছে বুলিও কয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে৷ উচ্চ সদনত প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে দিয়া লিখিত বিবৃতিত এল এ চিক লৈ দুই দেশৰ সহমতত তিনিটা নীতিৰ বিষয়ে উল্লেখ কৰা হৈছে৷ বিবৃতি অনুসৰি প্রথমটো হৈছে এল এ চিক লৈ দুই পক্ষ সন্মত হ’বই লাগিব আৰু সন্মান জনাব লাগিব৷

দ্বিতীয়টো হৈছে একপক্ষীয় স্থিতি কোনো পক্ষই কৰিব নোৱাৰিব আৰু তৃতীয়টো হৈছে দুই পক্ষই সকলো বুজাবুজি তথা আপোচক সম্পূর্ণভাৱে সন্মতি দিব লাগিব৷ বিগত ছয় বছৰ ধৰি চীনৰ সৈতে সামৰিক আৰু কূটনৈতিক পর্যায়ত সম্পর্ক বর্তাই ৰাখি আছে বুলি কয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে৷ উল্লেখ্য যে যোৱা বর্ষৰ জুন মাহৰ পৰাই লাডাখ সীমান্তত দুই দেশৰ সেনাৰ মাজত উত্তেজনা অব্যাহত আছে৷

You might also like