নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত নতুনকৈ ক’ৰোনাত আক্রান্ত ৫,৯৮০

নিয়মীয়া বাৰ্তা, ২৩ মেঃ সংক্রমণৰ হাৰ কিছু হ্রাস পালেও ৰাজ্যৰ ক’ভিড পৰিস্থিতি এতিয়াও জটিল হৈ আছে৷  শনিবাৰে ৰাজ্যখনত নতুনকৈ ৫,৯৮০জন লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰাৰ লগতে ৭৯জন লোক মৃত্যুমুখত পৰে৷

ৰাজ্যিক স্বাস্থ্য অভিযান, অসমে জনোৱা অনুসৰি আজিৰ দিনটোত ৰাজ্যখনত ১,০৭,৩৯৮জন লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ৫.৫৭ শতাংশ৷ আজি ক’ভিডৰ অৱস্থিতি ধৰা পৰা ৫,৯৮০জন লোকৰ ভিতৰত ৯০২জন কামৰূপ মেট্র’, ৫০২জন কাছাৰ, ৪২২জন নগাঁও আৰু ৩৮৯জন কামৰূপ জিলাৰ৷ সেইদৰে ক’ভিডত আক্রান্ত হৈ মৃত্যুমুখত পৰা ৭৯জন লোকৰ ভিতৰত ১৯জনেই কামৰূপ মেট্র’ জিলাৰ৷ একেদৰে কামৰূপৰ ৯জন, বৰপেটা–শোণিতপুৰৰ ৬জন, নগাঁৱৰ ৫জন, কাছাৰ–তিনিচুকীয়াৰ ৪জন, নলবাৰীৰ ৩জন, দৰং–ডিব্রুগড়–হোজাই ২জনকৈ আৰু বাক্সা–বিশ্বনাথ– শালমাৰা–পশ্চিম কার্বি আংলং জিলাৰ এজনকৈ লোক ক’ভিডত আক্রান্ত হৈ মৃত্যুমুখত পৰে৷

আনহাতে, সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত  ৪,৬৫৯জন লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ ৰাজ্যখনত সুস্থতাৰ হাৰ ৮৪.১২ শতাংশ৷ বর্তমান ৰাজ্যখনত ৫৪,০৫৮জন সক্রিয় ক’ভিড ৰোগী আছে৷

You might also like