নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিৰাট কোহলিক বিশ্ব শ্রেষ্ঠ বেটছমেন আখ্যা পাকিস্তানৰ মঃ ইউছুফৰ

নিয়মীয়া বাৰ্তা, ৫ মেঃ ভাৰতীয় ক্রিকেট দলটোৰ অধিনায়ক বিৰাট কোহলিক বিশ্ব শ্রেষ্ঠ বেটছমেন হিচাপে আখ্যা দিলে পাকিস্তানৰ প্রাক্তন তাৰকা ক্রিকেটাৰ মহম্মদ ইউছুফে৷ ক’ৰোনা ভাইৰাছৰ বাবে সম্প্রতি ক্রিকেট খেল বন্ধ হৈ থকাৰ পৰিপ্রেক্ষিতত ক্রিকেটাৰ, প্রাক্তন ক্রিকেটাৰ আৰু ধাৰাভাষ্যকাৰসকলে বর্তমান অনুৰাগীৰ সৈতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে সম্পর্ক বজাই ৰাখিছে৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তে এগৰাকী অনুৰাগীয়ে বর্তমান সময়ৰ এক নম্বৰ বেটছমেন কোন বুলি প্রশ্ণ কৰাত মহম্মদ ইউছুফে পোনচাটেই নাম ল’লে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিৰ৷ বিৰাট কোহলি সন্দর্ভত পাকিস্তানৰ প্রাক্তন তাৰকা বেটছমেনগৰাকীয়ে কয় যে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকী বিশ্বৰ শ্রেষ্ঠ বেটছমেনেই নহয়, তেওঁ এগৰাকী মহান খেলুৱৈও৷

টেষ্ট ক্রিকেটৰ লগতে এদিনীয়া আৰু টি–২০ ক্রিকেটতো কোহলিৰ বেটিং প্রদর্শন অতুলনীয় বুলি মন্তব্য কৰি মহম্মদ ইউছুফে কয় যে নিঃসন্দেহে বিৰাট কোহলি বর্তমানৰ শ্রেষ্ঠ খেলুৱৈ৷ ইফালে, টীম ইণ্ডিয়াৰ কিংবদন্তি খেলুৱৈ শচীন তেণ্ডুলকাৰৰ লগতে ৱেষ্ট ইণ্ডিজৰ মহান ব্রায়ান লাৰাক তেওঁৰ ফেভাৰিট ক্রিকেটাৰ বুলি ব্যক্ত কৰি পাকিস্তান দলটোৰ প্রাক্তন মিডল অর্ডাৰ বেটছমেনগৰাকীয়ে কয় যে ৰিকী পণ্টিঙৰ লগতে কুমাৰ ছাংগাকাৰা, জেক কালিছৰ দৰে বহুকেইগৰাকী তাৰকা খেলুৱৈ আছে যদিও তেণ্ডুলকাৰ আৰু লাৰাই তেওঁৰ ফেভাৰিট খেলুৱৈ৷

ইফালে, সীমিত অভাৰৰ ক্রিকেটত শ্রেষ্ঠ অধিনায়ক সন্দর্ভত অনুৰাগীয়ে কৰা প্রশ্ণৰ উত্তৰত মহম্মদ ইউছুফে কয় যে নিউজিলেণ্ড দলটোৰ অধিনায়ক কেন উইলিয়ামছন বিশ্বৰ সর্বশ্রেষ্ঠ অধিনায়ক৷ উইলিয়ামছনৰ অধিনায়কত্বতে নিউজিলেণ্ড দলটোৱে ইংলেণ্ডত বিগত বর্ষত হৈ যোৱা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাখনৰ ফাইনেলত প্রৱেশ কৰিছিল৷ তেওঁৰ বিচক্ষণ বুদ্ধিমত্তাৰ বাবেই কিৱি দলটোৱে আই চি চিৰ সন্মানীয় প্রতিযোগিতাখনৰ ফাইনেল খেলাৰ সুযোগ লাভ কৰিছিল বুলি পাকিস্তানৰ প্রাক্তন ক্রিকেটাৰগৰাকীয়ে কয়৷ আনহাতে, বর্তমান সময়ত পাকিস্তানৰ বাবৰ আজম, ভাৰতীয় দলৰ বিৰাট কোহলি, অষ্ট্রেলিয়াৰ ষ্টিভ স্মিথ আৰু নিউজিলেণ্ডৰ উইলিয়ামছনক তাৰকা খেলুৱৈ হিচাপে অভিহিত কৰে মহম্মদ ইউছুফে৷

You might also like