নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোনে ড্ৰাগছ ল’বলৈ বাধ্য কৰাইছিল অভিনেত্ৰী কংগনাক ?

  • বলীউডৰ ‘ড্ৰাগছ ৰেকেট’ৰ ওপৰত বিস্ফোৰক মন্তব্য অভিনেত্ৰী কংগনা ৰানাৱাটৰ
  • মোৰ ওপৰতো ব্যৱহাৰ কৰা হৈছিল ড্ৰাগছ

নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ ৰিপাব্লিক টিভিৰ সম্পাদক অৰ্ণৱ গোস্ৱামীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱাটৰ বিস্ফোৰক মন্তব্য । ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰ কথা সুঁৱৰি কংগনাই কয় যে বলীউডৰ এজন জনপ্ৰিয় শিল্পীয়ে তেওঁকো ড্ৰাগছ স’বলৈ জোৰ কৰিছিল।

বলীউডত মাফিয়াৰাজৰ কথা উল্লেখ কৰি কংগনাই কয়- “বলীউডৰ জগতখনত আইন কানুনৰ কোনো হস্তক্ষেপ নাথাকে। যদি কোনোবাই কিবা কাৰণত আইনৰ সহায় লয় বা প্ৰশাসনৰ কাষ চাপে তেন্তে তেওঁক মানসিক ৰোগী সজোৱা হয় বা প্ৰাণহানী কৰা হয়।”

“মই যেতিয়া ১৬ বছৰীয়া আছিলো তেতিয়া এটা এডৰ কাৰণে মুম্বাইলৈ আহিছিলোঁ। তেতিয়া মই এটা হোষ্টেলত আছিলো। তেতিয়াই এজন অভিনয় কৰা লোকে মোক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। লগতে তেওঁ মোক পাৰ্টীসমূহলৈ লৈ গৈছিল আৰু পাৰ্টীত পনীয়ৰ সৈতে নিচাজাতীয় দ্ৰব্য মিহলাই খুৱাইছিল। কিন্তু যেতিয়া মই এনেবোৰ নিছা আৰম্ভ হৈছিল, তেতিয়াৰ পৰা মোৰ লক্ষ্যৰ পৰা বিচলিত হৈ পৰিছিলোঁ। কিন্তু সুভাগ্যক্ৰমে মই গেংগষ্টাৰ ছবিখনত অভিনয়ৰ সুযোগ লাভ কৰিলোঁ। কিন্তু সেই অভিনয়ৰ সৈতে জড়িত লোকজনে মোক তেতিয়া নিচাসংক্ত ইনজেকছন দিবলৈ আৰম্ভ কৰে, যাতে মই ছবিত অভিনয় কৰিব নোৱাৰোঁ।”

“২০০৭ চনত এবাৰ মই নিচাসংক্ত অৱস্থাত খিৰিকীৰে জপিয়াই আৰক্ষী থানাত উপস্থিত হৈ তেওঁৰ বিৰুদ্ধে গোচৰ তৰিছিলো। আৰক্ষীয়ে তেওঁক থানালৈ মাতি সোধপোছ কৰি তেওঁক ধমক দিছিল।”

কিন্তু অৱশেষত কংগনাই ছবিখনৰ পৰিচালক অনুৰাগ বাসুক সকলো কথা কয়। যাৰ পাছতে কংগনাক পৰিচালক বসুৱে সহায় কৰি সেই অভিনয় কৰা লোকজনৰ কৱলৰ পৰা ৰক্ষা কৰে।

You might also like