শিৱসেনাৰ নেতা সঞ্জয় ৰাউটৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ কংগনাৰ
নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে বলীউডৰ অভিনেত্রী কংগনা ৰানাৱটে৷ অভিনেত্রীগৰাকীয়ে অভিযোগ কৰা অনুসৰি সঞ্জয় ৰাৱটে তেওঁক ভাবুকি প্রদান কৰিছে৷ মুম্বাই আৰক্ষীৰ ওপৰত বিশ্বাস নাথাকিলে মায়ানগৰীলৈ অভিনেত্রীগৰাকীক পুনৰ উভতি নাহিবলৈ মুকলি ভাবুকি প্রদান কৰিছে বুলি ছ’চিয়েল মিডিয়া টুইটাৰযোগে অভিনেত্রীগৰাকীয়ে অভিযোগ আনিছে৷
কংগনাই এই কথাও উল্লেখ কৰিছে যে বর্তমান মুম্বাই মহানগৰ পাক অধিকৃত কাশ্মীৰৰ দৰে হৈছে৷ কংগনাৰ এই অভিযোগৰ পূর্বে শিৱসেনাৰ মুখপত্র ‘সামনা’ত ৰাউটে উল্লেখ কৰিছিল যে অভিনেত্রীগৰাকীৰ বিশ্বাসঘাতকতা অতি লজ্জাজনক৷ মুম্বাই মহানগৰত বাস কৰিও অভিনেত্রীগৰাকীয়ে আইন–শৃংখলাৰ দায়িত্বত থকা আৰক্ষীলৈ আঙুলি টোঁওৱা বিষয়টো কোনো কাৰণতে গ্রহণযোগ্য নহয় বুলি ৰাউটে মুকলিকৈ উল্লেখ কৰিছে৷
স্মর্তব্য যে মুম্বাই আৰক্ষীক কটাক্ষ কৰি আহিছে অভিনেত্রী কংগনাই৷ অভিনেত্রীগৰাকীৰ এন কার্য মুম্বাই আৰক্ষীৰ বাবে এক অপমান বুলিও উল্লেখ কৰিছিল শিৱসেনাৰ বহুবল্কী নেতাগৰাকীয়ে৷