নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিনগাঁৱত ৫০ লক্ষাধিক টকা মূল্যৰ চোৰাং বিদেশী চিগাৰেটসহ এজনক আটক

নিয়মীয়া বার্তা, ৮ ডিচেম্বৰঃ ৰাজ্যত চলিছে অবৈধ বিদেশী চিগাৰেটৰ ৰমৰমীয়া বেহা ৷ ৰাজ্যৰ বজাৰত এতিয়া সুলভ হৈ পৰিছে হংকং, কোৰিয়াৰ অবৈধ চিগাৰেট ৷ ম্যানমাৰৰ মৰে হৈ প্রতিসপ্তাহে অসমত প্রৱেশ কৰে ড্রাকে ড্রাকে চোৰাং চিগাৰেট ৷ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ পৰাই নিয়ন্ত্রিত হয় বগা চিগাৰেটত ক’লা সাম্রাজ্য ৷ শুকুৰবাৰে নিশা আমিনগাঁৱত কামৰূপ আৰক্ষীৰ বৃহৎ অভিযানত জব্দ হয় ৫০ লক্ষাধিক টকা মূল্যৰ অবৈধ বিদেশী চিগাৰেট৷ চিগাৰেটসহ সোধাপোছাৰ বাবে কামৰূপ আৰক্ষীয়ে আটক কৰে এজনক লোকক৷ গোপন সূত্রৰ পম খেদি কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া আৰু উপ–আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত আৰক্ষীৰ অভিযানত জব্দ কৰে ৫০ কার্টন বিদেশী চিগাৰেট৷ ৩১নং ৰাষ্ট্রীয় ঘাইপথেৰে ডব্লিউ বি–২৩ চি–৫০৩৮ নম্বৰৰ কণ্টেইনাৰ ড্রাকখন পশ্চিমবংগ অভিমুখে চিগাৰেটখিনি সৰবৰাহ কৰা অৱস্থাতে আমিনগাঁৱৰ গৌৰীপুৰত জব্দ কৰে আৰক্ষীয়ে৷ শৰাইঘাট দলঙৰ পৰাই অবৈধ চিগাৰেট কঢ়িওৱা ড্রাকখন উপ–আৰক্ষী অধীক্ষক কল্যাণ পাঠকে নিৰীক্ষণত ৰাখি উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ সন্মুখতে খাপপিটি থকা কামৰূপ আৰক্ষীৰ এটা বৃহৎ দলে এখন কণ্টেইনাৰ ড্রাকসহ জব্দ কৰে বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট৷ প্রাপ্ত তথ্য অনুসৰি, অবৈধ বিদেশী চিগাৰেটসমূহ টাটা পিকআপ ভানত আনি মহানগৰীৰ খানাপাৰা, যোৰাবাটত পশ্চিমবংগলৈ ড্রাকত লোডিং–আনলোডিং কৰা হয়৷ এই সন্দর্ভত কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই সংবাদ মাধ্যমক কয় যে জব্দকৃত চিগাৰেটখিনিৰ কোনোধৰণৰ ভাৰতীয় ড্রেডমার্ক, কোটপা আইনৰ অধীনত যেনেধৰণৰ জাননী থাকিব লাগে সেই জাননী চিগাৰেটখিনিৰ পেকেটসমূহত নাই৷ আৰক্ষীয়ে গৌৰীপুৰ আৰক্ষী চকীত নিজাববীয়াকৈ ৰুজু কৰিছে এটা গোচৰ৷ উক্ত গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে কামৰূপ আৰক্ষীয়ে৷

You might also like