নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাপৰমুখত দলবদ্ধ আক্রমণত ৩ আৰক্ষী আহত

বোৱাৰী নির্যাতনৰ গোচৰৰ তদন্ত কৰিবলৈ গৈ মহিলাক অশালীন ব্যৱহাৰ

নিয়মীয়া বার্তা, ২৫ জানুৱাৰীঃ শুকুৰবাৰে দলবদ্ধ আক্রমণত চাপৰমুখ আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া প্রফুল্ল বৰা গুৰুতৰভাৱে আহত হয় ৷ আনহাতে কনিষ্টবল নৰেন ৰাভা আৰু গোপাল গগৈকো প্রহাৰ কৰে উত্তেজিত লোকে ৷ প্রাপ্ত তথ্য অনুসৰি কামগাঁৱৰ নিকটৱর্তী মিলনপুৰ গাঁৱৰ হীৰকজ্যোতি নাথ নামৰ যুৱকজনৰ লগত কামপুৰ থানাৰ অন্তর্গত আমতলাৰ এগৰাকী যুৱতীৰ প্রায় দুই বছৰৰ আগতে বিয়া হৈছিল ৷ অভিযোগ মতে এটি পাঁচমহীয়া সন্তানৰ মাতৃগৰাকীক তেওঁৰ স্বামী হীৰকজ্যোতি আৰু পৰিয়ালে প্রায়ে শাৰীৰিক আৰু মানসিকভাৱে নির্যাতন চলাই আহিছে৷ কালি পুনৰ স্বামী আৰু স্বামীৰ পৰিয়ালে নির্যাতন চলোৱা বুলি মহিলাগৰাকীয়ে নিজৰ পিতৃ–মাতৃক এই বিষয়ে অৱগত কৰিছিল ৷ এই খবৰ লাভ কৰাৰ পিছত আজি মহিলাগৰাকীৰ পিতৃয়ে চাপৰমুখ আৰক্ষী চকীত তেওঁৰ কন্যাক নির্যাতন কৰা সম্পর্কত এখন এজাহাৰ দাখিল কৰে ৷

এই এজাহাৰৰ ভিত্তিত চাপৰমুখ আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া প্রফুল্ল বৰাই দুই কনিষ্টবল ক্রমে নৰেন ৰাভা আৰু গোপাল গগৈৰ সৈতে মিলনপুৰ তথা ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ সম্পর্কত তদন্ত চলাবলৈ স্বামী, শাহু আদিক সোধা–পোছা কৰিব বিচাৰিছিল ৷ আৰক্ষীৰ ভাষ্য অনুসৰি আৰক্ষী বিষয়া প্রফুল্ল বৰাই মহিলাগৰাকীৰ অভিযোগ সন্দর্ভত শাহু ৰীণা দেৱীক সোধা–পোছা কৰাত তেওঁ প্রথমে অশ্লীল গালি–গালাজ কৰিবলৈ আৰম্ভ কৰে ৷ পিছত আৰক্ষী বিষয়াজনে ঘৰৰ ভিতৰত থকা স্বামী হীৰকজ্যোতিকো সোধা–পোছাৰ বাবে বিচাৰে ৷ স্বামী হীৰকজ্যোতি ভিতৰতে থকা গম পাই আৰক্ষী বিষয়াজনে নিজে মাতিব বিচাৰোতে আৰক্ষী বিষয়াজনক শাহুৱেক আৰু স্বামীৰ লগতে গাঁৱৰ একাংশ পুৰুষ– মহিলাই আক্রমণ কৰে ৷ কেৱল সেয়াই নহয়, বিষয়াগৰাকী অচেতন হৈ পৰাত উক্ত আক্রমণকাৰী দলটোৱে ৰছীৰে বান্ধি পেলায় ৷

আনহাতে স্থানীয় আক্রমণকাৰী দলটিৰ এনে আক্রমণত বিষয়াগৰাকীক উদ্ধাৰ কৰিবলৈ যোৱা দুই কনিষ্টবলকো আক্রমণ কৰাত তেওঁলোক আহত হয় ৷ সেই সময়তে কনিষ্টবলদ্বয়ে গোটেই ঘটনা ৰহা আৰক্ষী থানাৰ অ’চিক অৱগত কৰে ৷ লগে লগে ৰহা থানাৰ ভাৰপ্রাপ্ত বিষয়া লক্ষণ কুমাৰ দাসে আন এক আৰক্ষীৰ দলসহ ততালিকে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ তদন্তকাৰী বিষয়াগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্রেৰণ কৰে ৷ কিন্তু পিছত উন্নত চিকিৎসাৰ বাবে আৰক্ষী বিষয়াগৰাকীক নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰে ৷ একাংশৰ অভিযোগ অনুসৰি আৰক্ষীৰ দলটোৱে মদ্যপান কৰি তদন্ত কৰিবলৈ গৈ মহিলাক অশালীন ব্যৱহাৰ কৰাৰ বাবেই এনে ঘটনা সংঘটিত হয় ৷ কিন্তু প্রকৃততে ঘটনাটো কি হৈছিল সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ৷

You might also like