নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলসিঞ্চনৰ পৰীক্ষাত ব্যাপক বিসংগতি

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ জলসিঞ্চন বিভাগৰ পৰীক্ষাত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন হৈছে । ৰাজ্যত অনুষ্ঠিত হৈ থকা জলসিঞ্চন বিভাগৰ ৩৯৭ টা শাখা সহায়ক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাচতেই এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে পৰীক্ষাৰ্থীসকলৰ মাজত ।

ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেন্দ্ৰত কালিৰে পৰা চলি আছে জলসিঞ্চন বিভাগৰ নিযুক্তি পৰীক্ষা । মুঠ অৰ্ধসহস্ৰাধিক পদৰ বাবে চলি থকা এই পৰীক্ষাত দেখা দিয়া বিসংগতিৰ পাচতেই এতিয়া ক্ষোভ ব্যক্ত কৰিছে সচেতন মহলে ।

You might also like