নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিফু চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী ড০শৰ্মাৰ

আজিৰে পৰা আৰম্ভ হ'ব অন্তঃবিভাগ

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ সমগ্র ৰাজ্যতে কেন্দ্রীয় চৰকাৰে সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পিছতে উত্তাল প্রতিবাদৰ মাজতে মঙলবাৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ডিফু মেডিকেল কলেজ পৰিদর্শন কৰে৷ উল্লেখ্য যে মঙলবাৰে দুপৰীয়া হেলিকপ্ঢাৰযোগে মন্ত্রীগৰাকী ডিফুত উপস্থিত হৈ পোনে পোনে ডিফু চিকিৎসা মহাবিদ্যালয় অভিমুখে ৰাওনা হয়৷ ইফালে চিকিৎসা মহাবিদ্যালয়খন পৰিদর্শন কৰি মন্ত্রী হিমন্ত বিশ্ব শর্মাই জনাই যে আজিৰ পৰা চিকিৎসালয়খনৰ আন্তঃবিভাগৰ সেৱা আৰম্ভ হ’ব৷ তদুপৰি আজিৰ মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াৰ এটা দল চিকিৎসালয়খন পৰিদর্শনৰ বাবে ডিফুত উপস্থিত হ’ব৷ আৰু পৰৱর্তী শিক্ষাবর্ষৰ পৰা চিকিৎসা মহাবিদ্যালয়খনত এশজন শিক্ষার্থীয়ে পাঠ গ্রহণ কৰাৰ সুযোগ লাভ কৰিব বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্রীয়ে৷ উল্লেখ্য যে চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি প্রায় ৮০ শতাংশ সম্পূর্ণ হৈছে৷

You might also like