নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেহৰক্ষীক বগৰাই বগৰাই প্ৰহাৰ আলমৰ

নিয়মীয়া বাৰ্তা ১১ ডিচেম্বৰঃ গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমৰ কর্মকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সামান্য কথাতে বিধায়ক আলমে ভাতৃৰ সৈতে বগৰাই বগৰাই দেহৰক্ষীক প্রহাৰ কৰে৷ প্রাপ্ত তথ্য মতে কালি সন্ধিয়া প্রায় ৮ বজাত দেহৰক্ষী লোকনাথ জিলানীয়ে আলমৰ বাসভৱনৰ চৌহদত বেডমিণ্টন খেলি আছিল৷ খেলি থাকোতে হঠাৎ বেডমিণ্টন ককটো বিধায়কৰ ভাতৃ আতোৱাৰ ৰহমানৰ পত্নীৰ গাত লাগে৷ ইয়াতেই ক্ষুণ্ণ হৈ বিধায়ক আৰু ভাতৃ আতোৱাৰ ৰহমানে বেডমিণ্টনৰ ৰেকেটেৰে দেহৰক্ষীজনক প্রহাৰ কৰে৷ দেহৰক্ষীগৰাকীক মাটিত বগৰাই বগৰাই প্রহাৰ কৰে৷ বিধায়ক আৰু ভাতৃৰ আঘাতত দেহৰক্ষীজনক মূৰ ফাটি ৰক্তাক্ত হোৱাৰ লগতে অচেতন হৈ পৰে৷ পিছত আৰক্ষীয়ে দেহৰক্ষীগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰি প্রথমে ছোলেচ হাস্পতালত ভর্তি কৰে আৰু পিছত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভর্তি কৰায়৷ এই সন্দর্ভত গুৰুতৰভাৱে আহত হোৱা দেহৰক্ষী জিলানীয়ে গোৱালপাৰা সদৰ থানাত এখনি এজাহাৰ দাখিল কৰে৷ আহত দেহৰক্ষীগৰাকীয়ে জনোৱা মতে ইয়াৰ পূর্বেও বিধায়কগৰাকীয়ে প্রায়ে তেওঁক দুর্ব্যৱহাৰ কৰিছিল আৰু অশ্লীল গালি গালাজ কৰিছিল৷ দেহৰক্ষীজনে বিধায়ক আলম আৰু ভাতৃ আতোৱাৰ ৰহমানৰ আক্রমণৰ ঘটনাৰ ন্যায় বিচাৰৰ বাবে দাবী জনাইছে৷ ইফালে দেহৰক্ষীগৰাকীৰ অভিযোগ সম্পূর্ণভাৱে নস্যাৎ কৰিছে বিধায়কগৰাকীয়ে৷ দেহৰক্ষীগৰাকীৰ বহু কর্মকাণ্ডত পূর্বৰ পৰাই অতিষ্ঠ বিধায়কগৰাকী৷ সাধাৰণ ঘটনা এটাক লৈ দেহৰক্ষীগৰাকীয়ে এখন নাটক আৰম্ভ কৰিছে আৰু ইয়াৰ আঁৰত ৰাজনৈতিক যডযন্ত্র থকাৰ অভিযোগ তুলিছে বিধায়কগৰাকীয়ে৷ ইতিমধ্যে বিধায়কগৰাকীয়ে এই সন্দর্ভত জিলা আৰক্ষী অধীক্ষকক এখন লিখিত আবেদন দাখিল কৰিছে৷ এইক্ষেত্রত গোৱালপাৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

You might also like