নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত বিয়াত পিঁয়াজৰ টোপোলা উপহাৰ বন্ধুৰ

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ নলবাৰীৰ এখন বিয়াত এটা ব্যতিক্রমী উপহাৰ দিলে এজন যুৱকে৷ অত্যাৱশ্যকীয় সামগ্রী পিঁয়াজৰ ঊর্ধ্বমুখী দামে সর্বসাধাৰণ ৰাইজক জলাকলা খুওৱাৰ সময়তে শুকুৰবাৰে জিলাখনৰ গন্ধিয়াৰ যুৱক ত্রিলোচন শর্মাই তেওঁৰ বন্ধুক পিঁয়াজৰ টোপোলা উপহাৰ স্বৰূপে দি বিজেপি চৰকাৰ আৰু যোগান বিভাগক একপ্রকাৰ তাচ্ছিল্য কৰে৷ উল্লেখ্য যে নলবাৰী জিলাৰ মাখিবাহাৰ ভোজকুছি বাসিন্দা হৰেকৃষ্ণ বর্মন বিয়া আছিল শুকুৰবাৰে ৷ বিয়াত সাধাৰণতে দিয়ে কাপোৰ কিম্বা অইন উপহাৰ৷ কিন্তু গন্ধিয়াৰ যুৱকজনে বন্ধু দৰাক পিঁয়াজৰ টোপোলা উপহাৰ স্বৰূপে দিয়ে৷ উল্লেখ্য যে নলবাৰীতো পিঁয়াজৰ মূল্যই চেঞ্চুৰী কোবাইছে৷ এতিয়া পিঁয়াজ ক্রয় কৰা মানে যেন এক ডাঙৰ কথা৷ নিত্যব্যৱহার্য এই সামগ্রীবিধৰ আকাশলংঘী মূল্যৰ নিয়ন্ত্রণত ব্যর্থ হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে নলবাৰী জিলা প্রশাসনৰ বিৰুদ্ধে৷ এনে সময়তে আজি নলবাৰীৰ বিয়াখনৰ ব্যতিক্রমী উপহাৰক লৈ স্থানীয় অঞ্চলটোৰ ৰাইজৰ মাজত চর্চা লাভ কৰিছে।

You might also like