নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাক্তন ক্ৰিকেটাৰৰ পৰা অনুসৰণ কৰি অসমৰ সুৰা উৎপাদন কৰা কোম্পানীয়ে প্ৰস্তুত কৰিলে ছেনিটাইজাৰ

নিয়মীয়া বাৰ্তা ৫ এপ্ৰিলঃ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বেন ৱাৰ্ণৰ এটি আহ্বানক সঁহাৰি জনালে অসম আবকাৰী বিভাগে। অসম আবকাৰী বিভাগে সুৰা উৎপাদন কৰা কোম্পানীসমূহক ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ কৰিবলৈ ছেনিটাইজাৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিছিল আৰু সুৰা প্ৰস্তুত কাৰী কোম্পানী সমূহেও ইতিমধ্যে ছেনিটাইজাৰ নিৰ্মাণ কৰি উলিয়াইছে।
উল্লেখ্য যে ৱাৰ্ণে কৈছিল যে তেওঁৰ সুৰা প্ৰস্তুত কৰা কোম্পানীসমূহক এই মহামাৰী ক’ৰোনা বিৰুদ্ধে যুঁজ দিবলৈ হেণ্ড ছেনিটাইজাৰ প্ৰস্তুত কৰি ৱেষ্টাৰ্ণ অষ্ট্ৰেলিয়াৰ দুখন চিকিৎসালয়ত দিব। মনকৰিবলগীয়া যে চিকিৎসাত ব্যৱহূত ছেনিটাইজাৰ সমূহত ৭০ শতাংশ এলকহল থাকে।
অসমৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই সন্দৰ্ভত কয় যে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন খেলুৱৈগৰাকীৰ সুৰা প্ৰস্তুত কৰা কোম্পানীৰ পৰা প্ৰশংসনীয় কাৰ্য অনুসৰণ কৰিলে য’ত এতিয়া সুৰা উৎতপাদন বন্ধ কৰি ছেনিটাইজাৰ প্ৰস্তুত কৰি আছে। অসমতো সুৰা প্ৰস্তুতকাৰী কোম্পানী সমূহে ছেনিটাইজাৰ নিৰ্মাণ কৰি সংবাদ প্ৰতিষ্ঠানৰ লগতে বিভিন্ন বিভাগত বিতৰণ কৰিছে

You might also like