নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিষদীয় নির্বাচনত জয়ী হ’লে বিজেপিলৈ যাব প্রমোদ বড়ো

কাজলগাঁৱত বিপিএফৰ কার্যনির্বাহকৰ অন্তত হাগ্রামা

নিয়মীয়া বার্তা, ২০ মার্চঃ বি টি চি নির্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা ক্রমাৎ বৃদ্ধি পাইছে৷ বৃহস্পতিবাৰে শাসকীয় বি পি এফ দলে চিৰাং জিলা সদৰ কাজলগাঁওস্থিত আলাই খুংগ্রী উদ্যানত এখন গুৰুত্বপূর্ণ কেন্দ্রীয় কার্যনির্বাহক সভা অনুষ্ঠিত কৰে৷ মূলতঃ দলটোৰ কেন্দ্রীয় নির্বাচনী পৰিচালনা সমিতি গঠন, ইস্তাহাৰ প্রস্তুত তথা ৰণকৌশল যুগুতোৱাৰ লক্ষ্যৰে আজিৰ এই কার্যনির্বাহক সভাখন অনুষ্ঠিত কৰা হৈছিল বুলি বিপিএফৰ দলীয় সূত্ৰই প্রকাশ কৰে৷ দলৰ সভাপতি হাগ্রামা মহিলাৰীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত নির্বাচন সম্পর্কীয় কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱা হয়৷ বিশেষকৈ দলটোৰ নির্বাচনী ইস্তাহাৰত সন্নিৱিষ্ট কৰিবলগীয়া বিষয়সমূহৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়৷ সভাৰ আলোচনামর্মে ইস্তাহাৰত বি টি এ ডিৰ সকলো জাতি–জনগোষ্ঠীৰ বাবে সুকীয়া উন্নয়ন পৰিষদ গঠন, কোকৰাঝাৰত সুকীয়া অতিথিশালা নির্মাণ, কোচ ৰাজবংশী–আদিবাসীসক্ জনজাতিকৰণৰ সমস্যা সমাধানৰ বাবে চৰকাৰক হেঁচা প্রয়োগ, মাটি বাৰী কিনা–বেচা সম্পর্কীয় কাম–কাজৰ সমাধান জিলা ভিত্তিত কৰাৰ ব্যৱস্থা কৰা, আলফা আৰু যুদ্ধবিৰত সশস্ত্র সংগঠনৰ সৈতে চৰকাৰৰ আলোচনাৰ বাবে ব্যৱস্থা গ্রহণ, অস্ত্র সম্বৰণ কৰা কেডাৰসকলক আর্থিক সাহায্য প্রদান কৰা আদি বিষয়সমূহ সন্নিৱিষ্ট কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ সভাতেই প্রবীণ বড়োক অধ্যক্ষ, কিশোৰ বসুমতাৰীক মুখ্য আহ্বায়ক হিচাপে লৈ কেন্দ্রীয় নির্বাচনী সমিতিখন গঠন কৰা হয়৷ কার্যনির্বাহকৰ অন্তত বি পি এফৰ সভাপতি তথা বি টি চি প্রমুখ হাগ্রামা মহিলাৰীয়ে সাংবাদিকৰ আগত এইবাৰো বি টি চি দখল কৰিব বুলি মন্তব্য কৰে৷ তেওঁ লগতে প্রমোদ বড়ো এজন সুবিধাবাদী ব্যক্তি বুলি অভিহিত কৰি নির্বাচনত জয়ী হ’লে প্রমোদ বডোৱে বিজেপিত যোগদান কৰাটো নিশ্চিত বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷ সভাত মন্ত্রী চন্দন ব্রহ্ম, প্রমীলাৰাণী ব্রহ্ম, ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, ই এম, এম চি এল একে ধৰি শীর্ষ নেতা তথা কার্যনির্বাহক সদস্যসকল উপস্থিত থাকে৷

You might also like