নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহৰ বাবে সাঁচি ৰখা ধন আৰোগ্য নিধিলৈ আগবঢ়ালে এগৰাকী যুৱতীয়ে

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ ৰঙিয়াৰ এগৰাকী ছাত্ৰীয়ে বিয়াৰ বাবে পিতৃয়ে সাঁচি থোৱা জমা ধনৰ এক লাখ টকা অসম আৰোগ্য নিধিলৈ অনুদান আগবঢ়ায়। ছাত্ৰীগৰাকীয়ে উক্ত অনুদানৰ ধন জলসিঞ্চন আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতাৰ হাতত অৰ্পণ কৰে। এই ছাত্ৰীগৰাকী হৈছে ক্ষুদ্ৰ ব্যৱসায়ী গৌতম ঘোষৰ কন্যা ৰীমা ঘোষ। কৰো’না ভাইৰাছৰ বাবে দেশ তথা ৰাজ্যৰ সংকটৰ সময়ত ৰীমাই এনেদৰে চৰকাৰক অনুদান আগবঢ়াই মহানুভৱতা প্ৰদৰ্শন কৰে। ছাত্ৰী হিচাপে নিজে উপাৰ্জন কৰিব নোৱাৰাৰ বাবেই ৰীমাই বিবাহৰ বাবে সাঁচি থোৱা জমাধনৰ এটা অংশ চৰকাৰক দিবলৈ ইচ্ছা প্ৰকাশ কৰে বুলি পিতৃক অৱগত কৰে। পিতৃয়েও কন্যাৰ এনে ত্যাগ আৰু দায়িত্ববোধৰ প্ৰতি সন্মান জনাই ধনখিনি দিবলৈ সন্মত হয়। লক ডাউন চলি থকা দুৰ্দিনৰ সময়ত সুহৃদ ছাত্ৰী ৰীমাই দেখুওৱা এনে সামাজিক দায়বদ্ধতাক সকলোৱে প্ৰশংসা কৰে।

You might also like