নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ ক’ত হ’ব নতুন ফ্লাই অ’ভাৰ ?

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ মহানগৰীত দৈনিক বৃদ্ধি পোৱা যানযঁটৰ সমস্যা ৰোধ কৰাৰ বাবে নতুনকৈ নিৰ্মাণ হ’ব দুখনকৈ ফ্লাই অ’ভাৰ। মহানগৰীৰ চুপাৰ মাৰ্কেট আৰু মালিগাঁৱত নিৰ্মাণ হ’ব ফ্লাই অ’ভাৰ দুখন। দেওবাৰে চুপাৰ মাৰ্কেটত নতুনকৈ নিৰ্মাণ হ’বলগীয়া এখন ফ্লাই অ’ভাৰৰ আধাৰশিলা স্থাপন কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে মহানগৰীৰ বিভিন্ন প্ৰান্তত চলিছে সৌন্দৰ্যবৰ্ধনৰ কাম। লাচিত ঘাটত কামৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে আৰু মহানগৰবাসীক সৌন্দৰ্যবৰ্ধনৰ কামত সহযোগ কৰিবলৈ আহ্বান জনাই মন্ত্ৰী ড০ শৰ্মাই।