নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাম্পাৰ চালকৰ আক্ৰমণৰ বলি সাংবাদিক

চামগুৰিৰ উদমাৰীত বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক আক্ৰমণ

আঞ্চলিকঃ আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ একাংশ মাফিয়া প্ৰকৃতিৰ লোকৰ মাজত বৃদ্ধি পাইছে অপৰাধপ্ৰৱণতা। চামগুৰিৰ উদমাৰীৰ গান্ধী ক্ৰেচাৰৰ কেইজনমান ডাম্পাৰ চালকে আক্ৰমণৰ কৰে বাতৰি সংগ্ৰহৰ বাবে যোৱা দিগন্ত ভূঞা নামৰ এজন সাংবাদিকক। অত্যধিক ডাম্পাৰ চলাচলৰ বাবে উদমাৰী অঞ্চলত বিধস্ত হোবা বাট-পথৰ বাতৰি সংগ্ৰহৰ বাবে গৈছিল সাংবাদিকজন। স্থানীয় লোকে সাংবাদিকজনক উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষীৰ ভূমিকাত সন্তুষ্ট নহয় স্থানীয় ৰাইজ। জনৈক গান্ধী ক্ৰেচাৰৰ স্ৱত্ৱাধিকাৰীৰ পৃষ্ঠপোষকতাত এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ স্থানীয় ৰাইজৰ।