অসমলৈ আহিবলগীয়া ৩৮৯ জন ছাত্ৰ-ছাত্ৰীক ক’ত কেনেদৰে কোৱাৰেণ্টাইন কৰা হ’ব?
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ অসম আহি পাবলগীয়া ৩৮৯ জন ছাত্ৰ-ছাত্ৰীক কোৱাৰেণ্টাইন কৰা হ’ব সৰুসজাইত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আনহাতে কোনো ছাত্ৰ-ছাত্ৰীৰ দেহত যদি জ্বৰ-কাহ আৰু ক’ভিড-১৯ৰ লক্ষণ থাকিলে তেওঁলোকক আৰু আগবাঢ়ি যাবলৈ দিয়া নহয়। তেওঁলোকক শ্ৰীৰামপুৰতেই কোৱাৰেণ্টাইন কৰা হ’ব।
যদি সকলোৰে স্বাস্থ্য ভালে থাকে তেন্তে সৰুসজাইত কোৱাৰেণ্টাইন কৰা হ’ব। প্ৰথম পৰ্যায়ত ৫দিনৰ বাবে নিৰীক্ষণত থাকিব ছাত্ৰ-ছাত্ৰীসকল। তাৰ পিছত চিকিৎসকৰ পৰামৰ্শৰ মতে হোম কোৱাৰেণ্টাইন থাকিব নে সৰুসজাইত থকিব সেয়া সিদ্ধান্ত লোৱা হ’ব। কিন্তু প্ৰথম পৰ্যায়ত তেওঁলোকক শ্ৰীৰামপুৰতেই স্বাস্থ্য পৰীক্ষা কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।