নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ বাহিৰত থকা লোকসকলক অতি শীঘ্ৰে ওভতাই অনা হ’বঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ শ্ৰীৰামপুৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা। শ্ৰীৰামপুৰত ৩টা শিৱিৰ পৰ্যবেক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে লক ডাউন হোৱাৰ সময়ত অসম অভিমুখে বিভিন্ন ৰাজ্যৰ পৰা লোকসকল আহিছিল আৰু আমি তেওঁলোকক এই শ্ৰীৰামপুৰ গেটত ৰাখি থৈছিলো, কিছুসংখ্যক লোকৰ ১৪দিনৰ সময়সীমা পাৰ হৈ গ’ল তেওঁলোকক GMCH, বৰপেটা মেডিকেল কলেজ আৰু কোকৰাঝাৰ চিভিল হাস্পতালৰ চিকিৎসককলে স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত যিসকল লোকৰ শৰীৰত এই ভাইৰাছৰ কোনো অৱস্থিতি নাই তেওঁলোকক ঘৰলৈ যাবলৈ অনুমতি দিয়া হ’ব। কিয়নো ভৱিষ্যতে লক ডাউন দীঘলীয়া হ’লে এই লোকসকল যথেষ্ঠ কষ্টৰ সন্মুখীন হ’ব যিহেতু এই লোকসকলে চৰকাৰী কোৱাৰেণ্টাইনৰ সময় পাৰ কৰিছে।

আজি ৰাতি ১২ বজাত প্ৰায় ৭৫ হাজাৰ লোকে কোৱাৰেণ্টাইন পাৰ কৰিব। যিসকলৰ স্বাস্থ্যৰ অৱনতি ঘটা নাই তেওঁলোকক কোৱাৰেণ্টাইনৰ পৰা মুকলি কৰি দিয়া হ’ব আৰু ই অসমৰ বাবে ইতিবাচক খবৰ আনহাতে অসমৰ বাহিৰত থকা লোকসকলক অনাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। এই সন্দৰ্ভত চৰকাৰৰ চিন্তা-চৰ্চা কৰিছে বুলিও মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

You might also like