অসম শৰীৰ চর্চাবিদ সন্থাৰ সংবাদ মেলঃ জিম মুকলি কৰিবলৈ আহ্বান চৰকাৰক
নিয়মীয়া বার্তা, ২ জুনঃ জনস্বাস্থ্যৰ সুৰক্ষার্থে বিশেষ ভূমিকা গ্রহণ কৰি অহা ৰাজ্যৰ দহ সহস্রাধিক শৰীৰ চর্চা কেন্দ্র তথা জীম খানালৈ নামি আহিছে ঘোৰ অমানিশা৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা
দীঘলীয়া লকডাউনৰ সময়ছোৱাত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্রান্তৰ শৰীৰ চর্চা কেন্দ্রৰ সৈতে জড়িত দুই লক্ষাধিক শৰীৰ চর্চাবিদ তথা কর্মচাৰী আর্থিকভাৱে জুৰুলা হৈ পৰিছে৷ ৰাজ্যৰ সৰু–বৰ প্রায় দহ হাজাৰ জীমখানা বন্ধ হোৱাৰ উপক্রম হৈ পৰিছে৷ অসম শৰীৰ চর্চাবিদ সন্থাই সোমবাৰে গুৱাহাটীৰ ছয়মাইলত এক সংবাদ মেল সম্বোধন কৰি এইদৰে প্রতিক্রিয়া প্রকাশ কৰিছে৷
সংবাদ মেলত সন্থাৰ সভাপতি, তথা মিষ্টাৰ ৱর্ল্ড গৌতম কলিতাই কয় যে চৰকাৰৰ লকডাউনত দেশবাসীৰ লগতে শৰীৰ চর্চা কেন্দ্রৰ সৈতে জড়িত কর্মচাৰীসকলেও সহযোগ কৰি আহিছে৷ কিন্তু দীঘলীয়া লকডাউনৰ ফলত উদ্যোগটোৰ সৈতে জড়িত থকা শৰীৰ চর্চাবিদ তথা অন্যান্য কর্মচাৰীসকল ব্যাপক আর্থিক সংকটৰ সন্মুখীন হৈছে৷ বেংকৰ লগতে অনান্য বিত্তীয় প্রতিষ্ঠানৰ পৰা ঋণ লৈ জীম খোলাসকলক ভাৰাঘৰৰ মালিকে ভাৰা আদায় দিয়াৰ বাবে হেঁচা প্রয়োগ কৰাত এক অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ সেয়েহে অহা আঠ জুনৰ পৰা কার্যকৰী হ’বলগীয়া আনলক–১ত ৰাজ্যৰ জীমখানাসমূহ মুকলি কৰি দিয়াৰ বাবে সন্থাই চৰকাৰক আহ্বান জনাইছে৷