নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত ক্ষমা খুজিলে বিধায়ক আমিনুল ইছলামে

স্বৰ্গদেউ চুকাফাৰ প্ৰতিমূৰ্তিত বন্তি জ্বলাই ক্ষমা ভিক্ষা

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ অৱশেষত ক্ষমা খুজিলে AIUDFৰ বিধায়ক আমিনুল ইছলামে। আহোম সম্প্ৰদায়ক লৈ বিতৰ্কিত মন্তব্য কৰিছিল আমিনুল ইছলামে।আজি বিয়লি গুৱাহাটীস্থিত আটাছুৰ কাৰ্যালয়লৈ গৈ স্বৰ্গদেউ চুকাফাৰ প্ৰতিমূৰ্তিত বন্তি জ্বলাই ক্ষমা খোজে বিধায়কগৰাকীয়ে।

আহোমসকল বিদেশী, মিঞা মুছলমানসকলহে খিলঞ্জীয়া বুলি নতুনকৈ খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰি ৰাইজৰ ৰোষত পৰিছিল আমিনুল ইছলাম। এই  মন্তব্যৰ পিছতে বিভিন্ন স্থানত বিধায়কগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আটাছুৰ লগতে বিভিন্ন দল-সংগঠনে আৰু বিধায়কগৰাকীক ক্ষমা খোজাৰ দাবী তোলে। নিজৰ ভুলৰ বাবে ক্ষমা নোখোজো বুলিও মন্তব্য কৰিছিল বিধায়কগৰাকীয়ে কিন্তু অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ’ল আমিনুল ইছলাম।

You might also like