‘আগন্তক ২ মাহলৈ থাকিব ক’ৰোনাৰ ভয়াৱহ সংক্ৰমণ’
নিয়মীয়া বাৰ্তা, ২০ মেঃ আগন্তুক দুমাহলৈ থাকিব ক’ৰোনাৰ ভয়াৱহ সংক্ৰমণ। ইয়াৰ বাবে সাজু হৈ থাকিব লাগিব স্বাস্থ্য বিভাগৰ লগতে সাধাৰণ জনতা।
সাগৰীয় ঘূৰ্ণী বতাহ আমফানৰ বাবে বহু সংখ্যক লোক অসমলৈ আহিব। গতিকে ২মাহলৈ আমি ক’ৰোনাৰ সৈতে মোকাবিলা কৰিবই লাগিব এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰায় ১০০০ লোকক কোৱাৰেণ্টাইন কৰিব পৰাকৈ সক্ষম হৈ আছে ৰাজ্য়ৰ স্বাস্থ্য বিভাগ।
ৰাইজৰ সহযোগতে আমি কোৱাৰেণ্টাইন সফল কৰিব লাগিব। ১৪দিন কোৱাৰেণ্টাইনৰ ৭দিন কেম্পত আৰু ৭দিন ঘৰত থাকিব লাগিব। গতিকে ৰাইজৰ সহযোগিতাৰ বাবে গাঁও পৰ্যায়ত আৰু নগৰ পৰ্যায়তো গঠন কৰা হ’ব সমিতি এই বিষয়ে সবিশেষ জনোৱা হ’ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে মন্ত্ৰী ড০ শৰ্মাই।