নিয়মীয়া বাৰ্তা, ২৫ এপ্রিলঃ দেশৰ বাহিৰত তথা বহিঃৰাজ্যত লকডাউনৰ বাবে আবদ্ধ হৈ থকা লোকসকলক আর্থিকভাৱে সহায় কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে আৰম্ভ কৰা আছাম কেয়াৰ কার্যসূচীয়ে বিশেষ সফলতা লাভ কৰিছে ৷ এই কার্যসূচী সন্দর্ভত সবিশেষ তথ্য সদৰী কৰি শুকুৰবাৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জানিবলৈ দিয়া মতে, বিদেশত আবদ্ধ হৈ থকা লোকসকলক ইতিমধ্যে ২ হাজাৰ ডলাৰকৈ আগবঢ়োৱা হৈছিল ৷ এই অর্থ সাহায্য লাভ কৰা লোকৰ সংখ্যা ৪৯জনলৈ বৃদ্ধি হ’ল ৷ ইয়াৰ বাবদ ৰাজ্য চৰকাৰে ইতিমধ্যে ৩৭,১৭,৬৯০ টকা জমা কৰিছে ৷
আনহাতে, কেঞ্চাৰ বা আন দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ ৰাজ্যৰ বাহিৰত চিকিৎসাধীন হৈ থকা ৮২৯গৰাকী লোকক ২৫ হাজাৰ টকাকৈ দিয়া হৈছে৷ ইয়াৰ বাবদ ৰাজ্য চৰকাৰে ব্যয় কৰিছে ২ কোটি ৭ লাখ ২৫ হাজাৰ টকা ৷ মন্ত্রীগৰাকীয়ে এইক্ষেত্রত জানিবলৈ দিয়ে যে বহু ৰোগীয়ে এইক্ষেত্রত এনে আর্থিক সাহায্য লাভ নকৰা বুলি বিভিন্ন তথ্য লাভ কৰা হৈছে৷ এইসকল ৰোগীৰ কোনো আত্মীয়ই যদি সঠিকভাৱে তেওঁলোকৰ ঠিকনা তথা বেংক একাউণ্ট আদি যোগান ধৰে, তেন্তে সেই লোকসকলক ৰাজ্য চৰকাৰে সহায় আগবঢ়াব ৷ ইফালে বহিঃৰাজ্যত আবদ্ধ হৈ থকা পৰিয়ালসমূহৰ বাবে অর্থ সাহায্য আগবঢ়াবলৈ ১০৪ত ফোন কৰিবলৈ যি আহ্বান জনোৱা হৈছিল, সেইমর্মে এতিয়ালৈকে ৫ লাখ ৭০ হাজাৰজন লোকে মিছকলৰ জৰিয়তে অর্থ সাহায্যৰ বাবে আবেদন জনাইছে৷ স্বাস্থ্য বিভাগে এই লোকসকলৰ সবিশেষ পৰীক্ষা কৰি ৩ লাখ ১ হাজাৰজন লোকৰ আবেদন গ্রাহ্য কৰিছে৷ ইয়াৰে ২ লাখ ৭৮ হাজাৰজন লোকে অর্থ সাহায্য বিচাৰি পূৰণ কৰা প্র–পত্র পৰীক্ষাৰ বাবে সংশ্লিষ্ট জিলা উপায়ুক্তলৈ প্রেৰণ কৰা হৈছে ৷
এইসকলৰ ১ লাখ ৯১ হাজাৰজন লোকৰ প্র–পত্র গৃহীত হোৱাৰ বিপৰীতে ১১,৭৯১জনৰ প্র–পত্র নাকচ হৈছে৷ আনহাতে, ৭৮ হাজাৰখন প্র–পত্র এতিয়াও পৰীক্ষা হ’বলৈ বাকী আছে৷ সেইমর্মে ৰাজ্য চৰকাৰে ১,৫১,৮৫৭জন লোকৰ একাউণ্টত ২ হাজাৰ টকাকৈ জমা কৰিছে৷ ইয়াৰ বাবদ চৰকাৰৰ ব্যয় হৈছে ৩০ কোটি টকা৷ উল্লেখ্য যে বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকলক অর্থ সাহায্য প্রেৰণৰ বাবে ১০৪ নম্বৰত মিছকল দিবলৈ আহ্বান জনোৱা হৈছিল ৷ সেইমর্মে মিছকল দিয়াৰ পাছতে লোকজনে নিজৰ ফোনত এটা লিংক লাভ কৰে৷ উক্ত লিংকৰ জৰিয়তে লোকজনে এখন প্র–পত্র পূৰণ কৰিব লাগে ৷
এই প্র–পত্রত লোকজনে অসমত থকা তেওঁৰ স্থায়ী ঠিকনা, বেংক একাউণ্ট আদিৰ সবিশেষ উল্লেখ কৰিব লাগে৷ এই ক্ষেত্রত বহু লোকে প্র–পত্র পূৰণত ব্যর্থ হোৱা হেতু স্বাস্থ্য বিভাগৰ ৮০০ স্বেচ্ছাসেৱকে এই লোকসকলক প্র–পত্র পূৰণত সহায় কৰি আহিছে৷ এই প্র–পত্রসমূহ পূৰণৰ পাছতে সাহায্য লাভ কৰিব লগা লোকসকলৰ সবিশেষ পৰীক্ষা কৰা হৈছে জিলা উপায়ুক্তৰ জৰিয়তে৷ মন্ত্রীগৰাকীয়ে আজি জানিবলৈ দিয়া মতে, নগাঁও জিলাৰ সর্বাধিক ২৩,৬৮৪জন লোক বহিঃৰাজ্যত আছে৷ অসমৰ পৰা বহিঃৰাজ্যলৈ যোৱা লোকসকলৰ ভিতৰত সর্বাধিক আছে কর্ণাটকত৷ দাক্ষিণাত্যৰ এই ৰাজ্যখনত প্রায় ৯০ হাজাৰ অসমীয়া লোক থকাৰ বিপৰীতে কেৰালাত ৫০ হাজাৰ, তামিলনাডুত ৫০ হাজাৰ, মহাৰাষ্ট্র–তেলেংগানা ২৫ হাজাৰ আৰু গুজৰাট, পশ্চিমবংগ, গোৱা, দিল্লী, হাৰিয়ানা আদিত প্রায় ৮ হাজাৰ লোক আবদ্ধ হৈ আছে৷