আজিৰে পৰা ক’ৰোনামুক্ত হ’ল গোলাঘাট জিলা
নিয়মীয়া বাৰ্তা, ১ মেঃ গোলাঘাটৰ ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অন্তিম গৰাকী ক’ৰোনা আক্ৰান্ত ৰোগীক আজি হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ অনুমতি দিয়া হয়।
ইয়াৰ পূৰ্বে দুটা পৰ্যায়ত ৮ জন ক’ৰোনা ৰোগীক ৰিলিজ দিয়া হৈছিল । গোলাঘাটৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীৰ লগতে যুটীয়া স্বাস্থ্য সঞ্চালক, চিকিৎসালয় অধীক্ষকে বিদায় দিয়ে ক’ৰনা ৰোগীগৰাকীক। আজি ৰিলিজ দিয়া মহিলা ক’ৰোনা ৰোগী গৰাকী মেৰাপানী ইছলামপুৰৰ জেছমিন বেগম ।
উল্লেখ্য যে গোলাঘাটত মুঠ ৯ জন ক’ৰোনা ভাইৰাছ দ্বাৰা আক্ৰান্ত হোৱা ৰোগী চিকিৎসাধীন হৈ আছিল । ইয়াৰে ৪জনক যোৱা ১৮ এপ্ৰিলত স্বাস্থ্য মন্ত্ৰী ড হিমন্ত বিশ্ব ই ৰিলিজ দিছিল । যোৱা ২৬ এপ্ৰিলত আন ৪ গৰাকী ক’ৰোনা ৰোগীক ৰিলিজ দিয়া হয় চিকিৎসালয়ৰ পৰা । আজি ৰিলিজ দিয়া অন্তিম গৰাকী ক’ৰোনা ৰোগী বৰ্তমান ফেচিলেট কোৱাৰেন্টাইনত এনাজৰী বিবাহ ভৱনত ৰখা হ’ব ১৪ দিনৰ বাবে।
অন্তিম গৰাকী ক’ৰোনা ৰোগী জেছমিন বেগমে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কষ্টৰ শলাগ লোৱাৰ লগতে আল্লাৰ ওচৰত তেখেতৰ মঙ্গল হোৱাৰ কামনা কৰে। লগতে গোলাঘাট জিলা প্ৰশাসন, গোলাঘাট স্বাস্থ্য বিভাগৰ শলাগ লয় ফলত আজিৰে পৰা ক’ৰনা ৰোগী মুক্ত হ’ল গোলাঘাট জিলা।