আজিৰ দিনটোৰ ৰাশিফল
মেষ: শুভ ৰং হালধীয়া, সংখ্যা ৭৷ পৰিয়ালৰ মাজত মনোমালিন্য হ’ব পাৰে৷ চাকৰিৰ ক্ষেত্রত কিছু সমস্যা আছে৷ অবাবত খৰচ বাঢ়িব৷ সন্তানৰ শুভ৷ প্রতিকাৰ – বগা ফুল, তুলসীৰ পাত আৰু সেন্দূৰৰ এখন আগলি কলপাতত লৈ বোৱঁতী পানীত এৰি দিব৷
বৃষ: শুভ ৰং নীলা, সংখ্যা ৬৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বৃদ্ধি পাব৷ নিজৰ ভুলত সমস্যাত পৰিব৷ বন্ধুৰ লগত মনোমালিন্য হ’ব পাৰে৷ সহকর্মীৰ দ্বাৰা প্রতাৰিত হ’ব পাৰে৷ প্রতিকাৰ – তুলসী গছৰ গুৰিত পানী ঢ়ালি প্রণাম কৰিব৷
মিথুন ঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ৯৷ ব্যৱসায়িক প্রতিষ্ঠানত ক্ষতি হোৱাৰ ভয়৷ খং দমন কৰি ৰাখক অন্যথা ক্ষতি হ’ব৷ সন্তানৰ ভুলৰ বাবে সন্মান হানি হ’ব পাৰে৷ আর্থিক সংকটৰ বাবে ব্যৱসায়ত ক্ষতি হ’ব পাৰে৷ প্রতিকাৰ – ভিক্ষাৰী এজনক খোৱা বস্তু দান কৰিব৷
কর্কট ঃ শুভ ৰং গেৰুৱা, সংখ্যা ৩৷ মূল্যৱান বস্তু ক্ষতি হ’ব পাৰে৷ আর্থিক সংকটৰ বাবে ব্যৱসায়ত ক্ষতি হ’ব পাৰে৷ প্রতিকাৰ – ভিক্ষাৰী এজনক খোৱাবস্তু দান কৰিব৷
সিংহ ঃ শুভ ৰং আকাশী নীলা, সংখ্যা ৬৷ দুর্ঘটনা হৈ আঘাত পাব পাৰে৷ চাকৰিয়ালৰ পদোন্নতি হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ সন্তানৰ শুভ৷ প্রতিকাৰ – শিৱলিংগত গাখীৰ–বেলপাত অর্পণ কৰি শিৱ আৰাধনা কৰিব৷
কন্যা ঃ শুভ ৰং বগা, সংখ্যা ৮৷ মূল্যৱান সম্পত্তি ঘৰলৈ আহিব৷ কর্মত বাধা আহিলে সমাধান হ’ব পাৰে৷ আর্থিকত সহায় পাব৷ সন্তানৰ শুভ৷ প্রতিকাৰ – গা ধুই সূর্যক প্রণাম কৰি পানী ঢ়ালিব৷
তুলা ঃ শুভ ৰং ৰঙা, সংখ্যা ২৷ বিয়াৰ প্রস্তাৱ আহিব পাৰে৷ সম্পত্তিক লৈ কাজিয়া–পেছাল হোৱাৰ সম্ভাবনা৷ চোৰৰ পৰা ক্ষতি হোৱাৰ আশংকা আছে৷ প্রতিকাৰ – হনুমান চালিচা পাঠ কৰিব পাৰিলে মিঠা ফলদান কৰক৷
বৃশ্চিক ঃ শুভ ৰং হালধীয়া, সংখ্যা ৪৷ আনৰ উপদেশ মতে কাম কৰি বিপদত পৰিব পাৰে৷ ঘৰতে অপদস্থ হোৱাৰ ভয়৷ টকা–পইচা অবাবত খৰচ হ’ব৷ সন্তানৰ শুভ৷ প্রতিকাৰ – ঘৰলৈ অহা ভিক্ষাৰী এজনক জলপান কৰাব৷
ধনু ঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ৩৷ প্রাকৃতিক দুর্যোগত ক্ষতি হ’ব পাৰে৷ সন্তানৰ পৰা ক্ষতিৰ আশংকা আছে৷ শুভ কাম আৰম্ভ কৰিব পাৰি৷ হাতলৈ টকা–পইচা আহিব৷ কর্ম স্থানত অবাঞ্ছিত পৰিস্থিতি সৃষ্টি হ’ব পাৰে৷ প্রতিকাৰ – হনুমান মন্দিৰত মিঠা ফলদান কৰক৷
মকৰ ঃ শুভ ৰং নীলা, সংখ্যা ৭৷ পাৰিবাৰিক অন্তঃকলহ বাঢ়িব৷ শত্রুৰ পৰা সাবধান হ’ব৷ পিছলৈ ভৰিৰ আঘাত পাব পাৰে৷ বৈবাহিক সম্বন্ধত ব্যাঘাত জন্মিব পাৰে৷ প্রতিকাৰ – শনি মন্দিৰত ধূপ–চাকি জ্বলাব পাৰে৷
কুম্ভ ঃ ৰাজহুৱা কর্মত থকাসকলে সহানুভূতি লাভৰ সংবাদ৷ শৰীৰ কিছু উন্নত৷ দুই–এটা কামত বাধাৰ কাৰকতা৷ দিনৰ দুই বজাৰ পৰা কিছু উন্নত৷ শুভ ৰং পাতল নীলা৷ শুভ সংখ্যা ৩৷
মীন ঃ কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে৷ কোনো কাৰণে মনটো গধুৰ হ’ব পাৰে৷ ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব৷ শৰীৰ বৰ উন্নত নাথাকিব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷