নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ- আর্থিক ক্ষেত্রত উন্নত পৰিৱেশ৷ আপুনি দিনৰ ১২ বজাৰ পিছতহে যাত্রা কৰিব৷ যাত্রাৰ সময়ত হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব৷ দাম্পত্যত শুভ৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৫৷
বৃষ- কর্মক্ষেত্রত জটিলতা দেখা দিব পাৰে৷ সন্ধ্যা তুলসীৰ তলত চাকি জ্বলালে শুভ হ’ব৷ চাকৰিয়ালসকলৰ শুভ দিন বুলি ক’ব পাৰি৷ নীলা ৰং আপোনাৰ বাবে শুভ৷ যাত্রা নকৰাই উচিত৷ শুভ সংখ্যা ৬৷
মিথুন- আগদিনাৰ তুলনাত আজিৰ দিনটো শুভ৷ আজি আপুনি যাত্রা কৰিলে বগা ৰং ব্যৱহাৰ কৰিব৷ বিদ্যাত ভাল ফলাফল দেখা যায়৷ শুভ কাম কৰিব৷ বগা ৰং আপোনাৰ শুভ ৰং৷ শুভ সংখ্যা ৬৷
কর্কট- ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব৷ ভ্রমণাদি নকৰাই ভাল৷ আপোনাৰ শুভ ৰং সেউজীয়া৷ সহযোগী বন্ধুৰ পৰা আনন্দ পাব৷ শুভ সংখ্যা ৬৷
সিংহ- কর্মক্ষেত্রত সফলতাৰ বাবে যথেষ্ট চেষ্টা কৰিব লাগিব৷ পুৱাৰ ভাগত ৰঙা ৰঙৰ বস্ত্র পৰিধান কৰি মন্দিৰলৈ যাব৷ যাত্রা সন্ধিয়া পাঁচ বজাৰ পাছত নকৰিব৷ শুভ সংখ্যা ৫৷
কন্যা- পাৰিবাৰিক জীৱনত স্বামী–স্ত্রীৰ মাজত মতানৈক্য হ’ব পাৰে৷ পৰাপক্ষত আজি আপুনি যাত্রা নকৰাই ভাল৷ কৰিলেও মন্দিৰত পূজা–পাতল কৰি ল’ব৷ দাম্পত্যত মধ্যম৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৭৷
তুলা- কর্মক্ষেত্রত উন্নতিৰ যোগ আছে৷ কোনো সমস্যাৰ সমাধান হ’ব৷ আজি সন্ধিয়া আপুনি শিৱ মন্দিৰত চাকি জ্বলাব৷ শুভ ৰং ৰঙা৷ যাত্রা কৰিব পাৰে৷ শুভ সংখ্যা ৫৷
বৃশ্চিক- ব্যৱসায়ত কঠিন পৰিশ্রমৰ অন্তত দিনটোত সফলতা৷ বিদ্যার্থীসকলৰ শুভ৷ আবেলি ৩ বজাৰ পাছত যাত্রা নকৰাই ভাল৷ বিশেষ প্রয়োজন থাকিলে নীলা ৰঙৰ বস্ত্র পৰিধান কৰি ল’ব৷ শুভ সংখ্যা ৬৷
ধনু- কর্মস্থানত নিজৰ অস্তিত্ব বজাই থাকিব৷ পুৰণি ৰোগৰ উপশম ঘটিব৷ কমলা ৰঙৰ কাপোৰ ব্যৱহাৰ কৰক৷ পুৱাৰ ভাগত যাত্রা কৰিব৷ শুভ সংখ্যা ৯৷
মকৰ- আর্থিকত শুভ৷ শৰীৰ মধ্যম৷ উত্তৰ দিশত যাত্রা নকৰিব৷ মেৰুণ ৰং ব্যৱহাৰ কৰক৷ বিদ্যার্থীসকলৰ শুভ৷ শুভ সংখ্যা ৯৷
কুম্ভ- ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব৷ ঘৰুৱাত শুভ৷ যাত্রা নকৰাই ভাল৷ সন্ধ্যা মন্দিৰলৈ যাব৷ ক’লা ৰং আপোনাৰ বাবে শুভ৷ শুভ সংখ্যা ১১৷
মীন- কথা–বতৰাত সতর্কতাৰ প্রয়োজন৷ আজিৰ দিনটো যাত্রাৰ বাবে শুভ৷ বেঙুনীয়া ৰং ব্যৱহাৰ কৰিব৷ প্রেম–প্রণয়ৰ ক্ষেত্রত সুখী হ’ব নোৱাৰিব৷ শুভ সংখ্যা ৭৷

You might also like