নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আভুৱা–ভাঁৰা তথ্যৰে দায় সৰাৰ চেষ্টা অইলৰ, এতিয়াই ব্লেকলিষ্টেড নকৰে জন এনার্জীক

নিয়মীয়া বার্তা, ২ জুনঃ তিনিচুকীয়া জিলাৰ বাঘজান গাঁৱত থকা অইল ইণ্ডিয়া লিমিটেডৰ বি জি আৰ ৫নং তেলখাদত যোৱা ২৭ মে’ৰ পুৱা সংঘটিত বিস্ফোৰণৰ ফলত তেল–গেছ নির্গমনে স্থানীয় জনসাধাৰণক অধিক আতংকিত কৰাৰ লগতে জৈৱ–বৈচিত্র্যৰ প্রতি তীব্র ভাবুকি নমাই আনিছে৷ ইয়াৰ মূলতে অইল ইণ্ডিয়া কর্তৃপক্ষৰ অদক্ষতা বুলি অভিযোগ উঠিছে৷ কিয়নো আজি ষষ্ঠ দিনাও অইল কর্তৃপক্ষই তেল–গেছ নির্গমন ৰোধ কৰিবলৈ সক্ষম হোৱা নাই৷ ইয়াৰ মাজতে আজি ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক মন্ত্রী যোগেন মহন, শ্রম বিভাগৰ ৰাজ্যিক মন্ত্রী সঞ্জয় কিষাণ আৰু ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনে ঘটনাস্থলী পৰিদর্শন কৰি পৰিস্থিতিৰ বুজ লয়৷

মন্ত্রীদ্বয়ে এই গেছ নির্গমনৰ ঘটনাটোত উদ্বেগ প্রকাশ কৰি প্রচণ্ড শব্দৰে অধিক উচ্চ চাপত গেছ নির্গমন হৈ থকাৰ ফলত কাষৰীয়া বৃহৎ অঞ্চলৰ জনসাধাৰণৰ স্বাস্থ্যৰ প্রতি ভাবুকি অহাৰ লগতে জীৱকুলৰ প্রতিও অশনি সংকেত কঢ়িয়াই অনাৰ কথা উল্লেখ কৰি গেছ নির্গমন শীঘ্রে বন্ধ কৰাৰ বাবে ব্যৱস্থা লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ ইয়াৰ পিছতেই মন্ত্রীদ্বয়ে বাঘজান–দীঘলটৰং মধ্য ইংৰাজী বিদ্যালয়ত থকা আশ্রয় শিবিৰলৈ যায় আৰু শিবিৰত থকা ক্ষতিগ্রস্ত লোকসকলৰ লগত মত বিনিময় কৰে৷ গেছ নির্গতৰ ফলত ক্ষতিগ্রস্ত হোৱা সকলো লোকেই উচিত ক্ষতিপূৰণ পাব লাগিব আৰু ইয়াৰ বাবে মন্ত্রীদ্বয়ে অইল ইণ্ডিয়া কর্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈ ঠিক কৰিব বুলিও ক্ষতিগ্রস্ত লোকসকলক অৱগত কৰে৷ মন কৰিবলগীয়া যে কালি অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ সুশীল চন্দ্র মিশ্রই সাংবাদিকক জনোৱা মতে, অইল আৰু অ’এনজিচিৰ কাৰিকৰী বিশেষজ্ঞৰ দলে ইনুলাছ ভালভটো খুলিবলৈ সক্ষম হৈছিল৷ ফলত ভূগর্ভলৈ পানী পঠিয়াই নির্গত হোৱা গেছৰ চাপ কম কৰিব পৰাৰ লগতে শব্দ প্রদূষণ কম হ’ব বুলি কৈছিল৷ কিন্তু আজিও পূর্বৰ দৰেই অধিক উচ্চ চাপতেই গেছ নির্গত হৈ থকাৰ লগতে উচ্চ হাৰৰ শব্দই শব্দ প্রদূষণৰ সৃষ্টি কৰিছে৷ এই কথাই অইল কর্তৃপক্ষই মিথ্যাচাৰিতাৰ আশ্রয় লোৱাৰ কথাকেই কার্যতঃ প্রতীয়মান কৰিছে৷

আনহাতে   অইল ইণ্ডিয়া লিমিটেডৰ দুলীয়াজান কার্যালয়ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সুশীল চন্দ্র মিশ্রক সদৌ অসম ছাত্র সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ তিনিচুকীয়া জিলা সমিতি আৰু সদৌ মটক যুৱ–ছাত্র সন্মিলনৰ এটা প্রতিনিধিৰ দলে সাক্ষাৎ কৰি এক আলোচনাত মিলিত হয়৷ আলোচনাৰ সময়ত বাঘজানত সংঘটিত ভয়ংকৰ ঘটনাৰ বাবে অইল ইণ্ডিয়াক পোনপটীয়াকৈ জগৰীয়া কৰি নির্গত হৈ থকা গেছ আৰু তেলৰ নির্গমন শীঘ্রে বন্ধ কৰাৰ লগতে তেলখাদটো খননৰ দায়িত্ব অর্পণ কৰা জন এনার্জী নামৰ কোম্পানীটোক ব্লেকলিষ্টেড কৰিবলৈ দাবী জনায়৷ লগতে মধুটিঙৰ পৰা মাগুৰীবিলৰ ওপৰেৰে বাঘজানলৈ এ চি ই কোম্পানীয়ে যি পাইপলাইন বহুওৱাৰ কাম কৰি আছে, সেয়া শীঘ্রে বন্ধ কৰিবলৈও পোনপটীয়া দাবী জনায়৷ ইয়াৰ উপৰি ক্ষতিগ্রস্ত বাঘজান গাঁওবাসীক উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনায়৷ এই প্রতিনিধি দলটোত সদৌ অসম ছাত্র সন্থাৰ কেন্দ্রীয় কার্যনির্বাহক সদস্য বিনয় ডুবে, তিনিচুকীয়া জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সমৰজোতি গোহাই, সহকাৰী সম্পাদক ৰাণা সোণাৰ, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণ, যুটীয়া সম্পাদক তমাল গুপ্ত, মটক যুৱ–ছাত্র সন্মিলনৰ সম্পাদক ধৰণী গোহাই, ডুমডুমা আঞ্চলিক ছাত্র সন্থাৰ সাধাৰণ সম্পাদক প্রতিম নেওগ আদি উপস্থিত থাকি ৫ দফীয়া এক দাবী চনদ অইল ইণ্ডিয়াৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকজনৰ হাতত অর্পণ কৰে৷ অইল ইণ্ডিয়া কর্তৃপক্ষই স্মাৰক–পত্র গ্রহণ কৰি এই ঘটনাত যদি জন এনার্জী কোম্পানীৰ তিলমাত্রও ভুল ধৰা পৰে, তেনেহ’লে কোম্পানীটোক ব্লেকলিষ্টেড কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে৷ ইয়াৰ জৰিয়তে অইল কর্তৃপক্ষই কার্যতঃ আভুৱা–ভাঁৰা তথ্যৰে বিষয়টোৰ পৰা দায় সাৰিব বিচৰাৰ অভিযোগ উঠিছে৷

কিয়নো ‘জন এনার্জী’ৰ অদক্ষতাৰ বাবে বাঘজান কাণ্ড সংঘটিত হোৱা বুলি স্থানীয় ৰাইজ আৰু বিভিন্ন দল–সংগঠনে মন্তব্য কৰি আহিছে৷ তাৰ পিছতো ভুল ধৰা পৰিলেহে ‘জন এনার্জী’ৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি কৰা মন্তব্য অতি আশ্চর্যজনক৷ ইফালে, আজি বাঘজানৰ ঘটনাস্থলীত সদৌ অসম চুতীয়া ছাত্র সন্থাৰ কেন্দ্রীয় কার্যকৰী সভাপতি শশাংক শইকীয়া, তিনিচুকীয়া জিলা চুতীয়া ছাত্র সন্থাৰ সভাপতি ৰতন বডা, তিনিচুকীয়া জিলা জাতি সন্মিলনৰ সভাপতি প্রাঞ্জল শইকীয়া, সম্পাদক প্রমোদ শইকীয়া, কেন্দ্রীয় নিবনুৱা পৰিষদৰ সাধাৰণ সম্পাদক নৱজ্যোতি নেওগ, ডুমডুমা আঞ্চলিক সমিতিৰ সম্পাদক নয়নজ্যোতি শইকীয়াসহ এটা সঁজাতী দলে বাঘজানৰ ঘটনাস্থলী পৰিদর্শন কৰি এনে কার্যৰ বাবে অইল ইণ্ডিয়াক গৰিহণা দিয়াৰ লগতে ক্ষতিগ্রস্তসকলক সুৰক্ষিত স্থানত সকলো সা–সুবিধাৰে আশ্রয় দি উচিত ক্ষতিপূৰণ দিবলৈ অইল ইণ্ডিয়া লিমিটেডক দাবী জনায়৷ ইয়াৰ উপৰি এই ঘটনাৰ ফলত অইলৰ তৈলখাদটোৰ নিচেই কাষতে থকা ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ জীৱ–জন্তু তথা মাগুৰী মটাপুং বিললৈ অহা পৰিভ্রমী চৰাই আৰু জলজ প্রাণীলৈ যি অশনি সংকেত নামি আহিছে, তাৰ বাবে সম্পূর্ণৰূপে অইল ইণ্ডিয়াক দোষাৰোপ কৰি অনাগত দিনত যদি প্রকৃতিক পৰিৱেশ বিনষ্ট হয়, তেনেহ’লে এই সমস্যাৰ ওপৰত তিনিচুকীয়া জিলা চুতীয়া ছাত্র সন্থাই প্রতিবাদী কার্যসূচী গ্রহণ কৰাৰো সিদ্ধান্ত ল’ব বুলি স্পষ্ট কৰি দিয়ে৷

You might also like