‘একাংশ ৰাজনৈতিক দল–সংগঠন–একাংশ প্রচাৰ মাধ্যমে বিভ্রান্তিৰ সৃষ্টি কৰিছে’ : পীয়ূষ
নিয়মীয়া বাৰ্তা, ১ আগষ্টঃ অহা ৪ আগষ্টৰ পৰা ৰাজ্যখনত দৈনিক ৫০ হাজাৰ ক’ভিড টেষ্টৰ লক্ষ্য স্থিৰ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ এখন সংবাদ মেলত এই কথা প্রকাশ কৰিছে ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই৷ মন্ত্রী হাজৰিকাই কয় যে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে সেই সিদ্ধান্ত ঘোষণা কৰিছে৷ গুৱাহাটী মহানগৰীত দৈনিক কমেও ৫ হাজাৰ টেষ্ট কৰাৰ লক্ষ্য স্থিৰ কৰিছে৷ কামৰূপ মেট্র’ জিলাক বাদ দি আন জিলাসমূহত দৈনিক গড়ে কমেও এহেজাৰকৈ টেষ্ট কৰিব পৰা যাব বুলি আশা ব্যক্ত কৰি মন্ত্রী হাজৰিকাই কয় যে মৰিগাঁও জিলাত কালি এহেজাৰৰো অধিক টেষ্ট সম্পন্ন হৈছে৷ নগাঁও জিলাত প্রায় ১৩০০ টেষ্ট সম্পন্ন হৈছে৷ সেয়ে কামৰূপ মেট্র’ জিলাক বাদ দি আন ৩২খন জিলাত গড়ে এহেজাৰকৈ টেষ্ট হ’ব বুলি আশা কৰা হৈছে৷ আনহাতে ৰাজ্যখনত পৰীক্ষণ ব্যৱস্থা ব্যাপক কৰি তোলাৰ লগে লগে আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও পূর্বৰ তুলনাত আক্রান্তৰ হাৰ কমিছে বুলি মন্ত্রী হাজৰিকাই উল্লেখ কৰে৷
তেওঁ কয় যে এটা সময়ত ৰাজ্যখনত ক’ভিডত আক্রান্তৰ হাৰ ৩৫ শতাংশ হৈছিল৷ কিন্তু কালিৰ দিনটোত সেই হাৰ ৫.১৪ শতাংশলৈ হ্রাস পায়৷ নমুনা পৰীক্ষাৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত লগে লগে ৰোগীসকলক চিকিৎসাধীন কৰোৱাৰ বাবেই এতিয়া ৰাজ্যখনত আক্রান্তৰ হাৰ ক্রমাৎ নিম্নগামী হৈছে৷ আজিৰ পৰা চাৰি মাহ পূর্বে অসমত ক’ভিডৰ এটাও পৰীক্ষাগাৰ নাছিল৷ এতিয়া ১৭টাকৈ পৰীক্ষাগাৰত নমুনা পৰীক্ষা কৰা হয়৷ তদুপৰি ৰেপিড এণ্টিজেন টেষ্টৰ জৰিয়তেও পৰীক্ষা কৰা হৈছে৷ ইয়াৰ বাবেই শেহতীয়াকৈ ৰাজ্যখনত পৰীক্ষণৰ সংখ্যা বাঢ়িছে আৰু ৰোগীৰ সংখ্যাও ধৰা পৰিবলৈ আৰম্ভ কৰিছে৷ লগে লগে ৰোগী ধৰা পৰাৰ বাবেই এতিয়া সংক্রমণৰ সংখ্যা কমি আহিছে৷ ৰাইজৰ সহযোগিতাৰ বাবেই ৰাজ্যখনত আক্রান্তৰ হাৰ কমাব পৰা গৈছে৷ যিমানেই বেছি নমুনা পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব, সিমানে এজন ৰোগীয়ে আনক সংক্রমিত কৰিব পৰাৰ সম্ভাৱনা কমি আহিব৷
সেইদৰে গুৱাহাটী মহানগৰীত শেহতীয়াকৈ আক্রান্তৰ সংখ্যা কমি অহাৰ প্রসংগত মন্ত্রী হাজৰিকাই কয় যে এয়া লকডাউনৰ সুফল৷ ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীত শেহতীয়াকৈ দিয়া তিনি সপ্তাহৰ লকডাউনৰ বাবেই মহানগৰীত আক্রান্তৰ সংখ্যা কমি আহিছে৷ কিছুদিন আগলৈকে মহানগৰীত ১৮০০ৰ পৰা ১৫০০ লোকৰ নমুনা পৰীক্ষা কৰোঁতে ৫০০ৰ পৰা ৭০০ লোকৰ দেহত পজিটিভ ওলাইছিল৷ কিন্তু কালি চাৰে চাৰি হাজাৰ নমুনা পৰীক্ষাত ২৮৩গৰাকীৰ দেহতহে পজিটিভ ধৰা পৰে৷ অৱশ্যে গুৱাহাটীত ক’ভিডত আক্রান্তৰ সংখ্যা কমি আহিলেও গুৱাহাটী ক’ৰোনামুক্ত হৈ গ’ল বুলি কোৱাটো মস্কিল৷ সামাজিক দূৰত্ব অক্ষুণ্ণ ৰখাৰ লগতে মাস্ক পৰিধান আৰু সঘনাই হাত ধোৱাটো অত্যন্ত জৰুৰী৷ লকডাউনৰ পৰা আনলকৰ সময়ছোৱা অত্যন্ত প্রত্যাহ্বানৰ সময় বুলি উল্লেখ কৰি তেওঁ কয় যে এই সময়ছোৱাত যদি অধিক সাৱধানতা অৱলম্বন কৰা নহয়, তেতিয়া হ’লে পৰিস্থিতি বেয়াৰ দিশলৈ ঢ়াল খোৱাৰ আশংকা আছে৷ মন্ত্রী হাজৰিকাই আৰু কয় যে সম্প্রতি একে সময়তে ২০ হাজাৰ ক’ভিড ৰোগীক চিকিৎসা কৰিব পৰা ব্যৱস্থা হৈছে৷ গুৱাহাটী মহানগৰীতে এতিয়া ক’ভিড ৰোগীৰ বাবে দুহেজাৰ বিছনা খালী হৈ আছে৷ সম্প্রতি বঙাইগাঁও, নলবাৰী, নগাঁও, মৰিগাঁৱৰ ৰোগীও গুৱাহাটীত আনি ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ এই প্রসংগতে ক’ভিড নিয়ন্ত্রণৰ ক্ষেত্রত অসম চৰকাৰৰ স্বাস্থ্য বিভাগে গ্রহণ কৰা পদক্ষেপক কেন্দ্রই প্রশংসা কৰাৰ কথা উল্লেখ কৰি মন্ত্রী হাজৰিকাই কয় যে যেতিয়াই স্বাস্থ্য মন্ত্রালয়ে ভিডি’ কনফাৰেঞ্চ কৰিছে, তেতিয়াই অসমে গ্রহণ কৰা পদক্ষেপৰ শলাগ লৈছে৷ কিন্তু একে সময়তে অসমৰ কংগ্রেছকে ধৰি কেইটামান ৰাজনৈতিক দল, সংগঠন, ব্যক্তি আৰু একাংশ প্রচাৰ মাধ্যমে অসমৰ ৰাইজক বিপথে পৰিচালিত কৰি স্বাস্থ্য বিভাগৰ চিকিৎসক, নার্ছ, স্বাস্থ্যকর্মীসকলৰ মনোবল ভাঙিব বিচাৰি আছে৷ অৱশ্যে ক’ৰবাত এটা ঋণাত্মক বাতৰি প্রকাশ পালেই তাৰ বিপৰীতে ৰাইজে ১০টা প্রত্যুত্তৰ দি আহিছে৷ নাম উল্লেখ নকৰাকৈ এটা নির্দিষ্ট নিউজ চেনেলৰ কাম–কাজৰ সমালোচনা কৰি তেওঁ কয় যে চেনেলটোৱে ৰাজ্যখনত ক’ৰোনাৰ ব্যৱস্থাপনা বেয়া বুলি সমালোচনা কৰে৷ কিন্তু সেই চেনেলটোৰে সাংবাদিকে ভিতৰত থাকি ব্যৱস্থাপনা ভাল বুলি কয়৷ কংগ্রেছকে ধৰি সেইসকলে স্বাস্থ্যকর্মীসকলৰ মনোবল ভাঙিবলৈ ষড়যন্ত্র চলাই আছে৷ তেওঁলোকৰ মতে, অসমত ক’ৰোনাত আক্রান্ত হৈ ৮০জন নহয় হাজাৰ হাজাৰ মৰিব লাগে৷ তেওঁলোকে তেনে পৰিৱেশ বিচৰাৰ কাৰণ হৈছে– তেতিয়াহে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ব্যর্থ বুলি কৈ ৰাজনীতি কৰিব পাৰিব৷ মৃতদেহ গচকি তেওঁলোকে ৰাজনীতি কৰি ক্ষমতালৈ আহিব বিচাৰে৷ তাৰ বাবেই কংগ্রেছকে ধৰি তেওঁলোকে লকডাউন হ’লে বেয়া পায়, ক’ৰোনাৰ বিৰুদ্ধে যুঁজিলে বেয়া পায়৷