নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়ালৈ ৰাজ্যত সামাজিক সংক্রমণ নোহোৱাটো বৃহৎ সফলতা

নিয়মীয়া বাৰ্তা, ৫ জুনঃ  অসমত বর্তমানলৈকে ক’ভিড–১৯ৰ সামাজিক সংক্রমণ নোহোৱাটো ৰাজ্যখনৰ বাবে সকলোতকৈ বৃহৎ সফলতা বুলি মন্তব্য কৰিছে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিশ্বনাথ জিলাৰ সাম্প্রতিক পৰিস্থিতি পর্যালোচনা কৰিবলৈ বৃহস্পতিবাৰে জিলাখনত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই এই মন্তব্য কৰে৷ তেওঁ কয় যে ৰাজ্যখনৰ বিধায়কসকলে নিজ নিজ সমষ্টিৰ কোৱাৰেণ্টাইন কেন্দ্রসমূহ সুন্দৰভাৱে পর্যবেক্ষণ কৰি আছে৷ গাঁও পর্যায়তো বিভাগীয় কর্তৃপক্ষই সুচাৰুৰূপে দায়িত্ব পালন কৰি আহিছে৷ যাৰ পৰিপ্রেক্ষিতত বর্তমানলৈকে অসম সামাজিক সংক্রমণৰ পৰা ৰক্ষা পৰিছে৷ কোৱাৰেণ্টাইন ব্যৱস্থা কঠোৰভাৱে মানি চলিলে অসম নিৰাপদে থাকিব৷ কিন্তু কোৱাৰেণ্টাইন ব্যৱস্থাৰ ক্ষেত্রত কোনো আপোচ কৰিব নোৱাৰিব৷ এইক্ষেত্রত অভিভাৱকৰ লগতে গাঁৱৰ ৰাইজো কঠোৰ আৰু সাৱধান হ’ব লাগিব৷

অহা দুই–এদিনৰ ভিতৰত ৰাজ্যখনত ক’ভিড আক্রান্তৰ সংখ্যা দুই সহস্রাধিক হ’লেও ৰাইজ ভীতিগ্রস্ত হোৱাৰ কাৰণ নাই বুলি তেওঁ উল্লেখ কৰে৷ স্মর্তব্য যে বিশ্বনাথ জিলাত কালিলৈকে মুঠ ৪৩গৰাকী লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পৰিপ্রেক্ষিতত বৃহস্পতিবাৰে জিলাখনৰ পৰিস্থিতি পর্যালোচনা কৰিবলৈ মন্ত্রী ড০ শর্মা বিশ্বনাথ চাৰিআলিত উপস্থিত হয়৷

ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকা, মন্ত্রী ৰঞ্জিত দত্ত, সাংসদ পল্লৱলোচন দাস, বিধায়ক পদ্ম হাজৰিকা, প্রমোদ বৰঠাকুৰ, অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰাই, অসম ৰাজ্যিক পণ্যাগাৰ নিগমৰ অধ্যক্ষ দিগন্ত ঘাটোৱাৰ আদিৰ উপস্থিতিত মন্ত্রী ড০ শর্মাই বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কার্যালয়ত এখন পর্যালোচনা বৈঠকত মিলিত হয়৷ জিলাখনৰ প্রায় প্রতিটো বিভাগৰ বিষয়াৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত সাম্প্রতিক পৰিস্থিতিৰ বিস্তৃত পর্যালোচনা কৰে৷ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয় যে অনাগত সময়ত আৰু অধিকসংখ্যক লোকৰ বহিঃৰাজ্যৰ পৰা অসমলৈ আগমন ঘটিব৷ উক্ত লোকসকলক কোৱাৰেণ্টাইন কৰিবৰ বাবে জিলা প্রশাসনে গ্রহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে পর্যালোচনা কৰাৰ উপৰি বর্তমান কোৱাৰেণ্টাইন হৈ থকা ব্যক্তিসকলক প্রদান কৰা সা–সুবিধাৰ বিষয়ে বিভাগীয় বিষয়াসকলৰ সৈতে মত বিনিময় কৰা হয়৷

বৈঠকৰ পিছতেই মন্ত্রী ড০ শর্মাই পোনে পোনে বিশ্বনাথ চাৰিআলি ষ্টেডিয়ামত স্থাপন কৰা ছোৱাব সংগ্রহ কেন্দ্রটোও পৰিদর্শন কৰে৷ ইয়াৰ পিছতেই মন্ত্রী ড০ শর্মা সন্ধিয়াৰ ভাগত লখিমপুৰত উপস্থিত হৈ জিলা উপায়ুক্তৰ কার্যালয়ত বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপস্থিতিত এখন পর্যালোচনা বৈঠকত মিলিত হয়৷ বিধায়ক উৎপল দত্ত, দেৱানন্দ হাজৰিকা আদিৰ উপস্থিতিত অনুষ্ঠিত বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয় যে ক’ৰোনাক লৈ ৰাইজ ভীতিগ্রস্ত হোৱাৰ প্রয়োজন নাই৷ সচেতনতা আৰু সজাগতাই মূল বিষয়৷ প্রত্যেকে দুই মিটাৰ দূৰত্ব বজাই ৰাখিলে, মাস্ক ব্যৱহাৰ কৰিলে, সঘনাই হাত ধুই থাকিলে সকলোৱে ক’ৰোনাৰ পৰা বাচি থাকিব পাৰিব৷

You might also like