নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবাৰ একাউণ্টত সোমোৱা পইচা ওলাই নাযায়ঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ভুৱা বাতৰি নুশুনিবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ মহিলাসকলৰ একাউণ্টত ৫০০ টকাকৈ সোমোৱা পইচা উলিয়াবলৈ বেংকত ভিৰ পৰিলক্ষিত হৈছে এই সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ প্ৰতুত্ত্যৰত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে এবাৰ একাউণ্টত সোমোৱা পইচা কোনোকাৰণতে ওলাই নাযায়। ৰাইজক উৰা বাতৰিত ভোল নাযাবলৈ আহ্বান। তেওঁ লগতে কয় যে জনতাক ভুল পথে বিভ্ৰান্ত কৰিবলৈ সকলোৱে চেষ্টা কৰিব। আমি ঘৰে ঘৰে এই পইচা যোগান ধৰিব পাৰো নেকি তাকে লৈ চিন্তা-চৰ্চা কৰিছো। যিখিনি জৰুৰী কথা ক’ব লাগে সেইখিনি কথা আমি সময়ে সময়ে ৰাইজক জনাই আহিছো গতিকে অপপ্ৰচাৰ তথা উৰাবাতৰিত ভোল নাযাবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ।

You might also like