ক’ভিড আছে, থাকিবঃ ক’ৰোনাৰে যুঁজি যুঁজি আমি জীয়াই থাকিব লাগিব
নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ ৰাজ্যৰ একাংশ বিদ্যালয়ত শেহতীয়াকৈ ক’ৰোনাৰ সংক্রমণ বৃদ্ধিৰ ঘটনাই উদ্বিগ্ণ কৰি তুলিছে স্বাস্থ্য বিভাগ আৰু অভিভাৱকসকলক৷ এনে পৰিস্থিতিত পুনৰ পৰিৱেশ জটিল হৈ উঠাৰ সম্ভাৱনাক লৈ চলি থকা চর্চাৰ মাজতে মুখ্যমন্ত্রীৰ মন্তব্য– ক’ভিড আছে আৰু ক’ভিড হৈ থাকিব৷ ক’ৰোনাৰ সৈতে যুঁজি যুঁজি জীয়াই থাকিব লাগিব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– সকলোৱে সাৱধানতা অৱলম্বন কৰক, ভেকচিন লওক৷ ক’ভিডত এতিয়া মৃত্যুৰ হাৰ যথেষ্ট কম, সেয়ে ক’ভিডৰ সৈতে যুঁজি যুঁজি জীয়াই থকাটো শিকিব লাগিব৷ ক’ৰোনাৰ সৈতে আমি সমানে আগবাঢ়ি যাব লাগিব৷