নিয়মীয়া বাৰ্তা, ৩০ এপ্রিলঃ অসমৰ সাংস্কৃতিক জগতৰ চিনাকি নাম যতীন শর্মা ৷ ভাৰতৰ খ্যাতনামা শব্দযন্ত্রী এই যতীন শর্মাই দেৰগাঁৱত জন্মগ্রহণ কৰি সংগীত জগতত আকাশ চোৱাৰ হেঁপাহেৰে গুৱাহাটীৰ পৰা ঢাপলি মেলিছিল মুম্বাইলৈ ৷ নিজস্ব প্রতিভাৰ লত মুম্বাইৰ চিনাকি নাম হৈ পৰিল যতীন শর্মা ৷ এইবাৰ তেওঁ সৃষ্টিশীল চিন্তাৰে সাজি উলিয়ালে ক’ভিড–১৯ৰ ৰোগীসকলৰ লগতে সকলো মানুহৰ সহায়ৰ বাবে ভেণ্টিলেটৰ ৷ ৰাইজে অতি কম, মাথোঁ ২০৷২৫ হাজাৰ টকা খৰচত এই অত্যাধুনিক ৰমণী নামৰ ভেণ্টিলেটৰ ব্যৱহাৰ কৰ্বি পাৰিব ৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমতো চর্চালৈ আহিছে তেওঁৰ এই নতুন উদ্ভাৱন ৷ দেৰগাঁৱত জন্মগ্রহণ কৰা, খ্যাতিমান মুম্বাইত প্রতিষ্ঠিত সংগীত পৰিচালক যতীন শর্মাৰ এই উদ্ভাৱনীমূলক কার্যই অসমলৈ গৌৰৱ কঢ়িয়াই অনাত অসম তথা দেৰগাঁওবাসী ৰাইজ আনন্দিত হৈ পৰিছে ৷ যতীন শর্মাই দৰিদ্র শ্রেণীৰ ৰাইজৰ সকলো দিশত সুবিধা হোৱাকৈ কম খৰচত যি ভেণ্টিলেটৰ সাজি উলিয়াইছে তাৰ বাবে তেওঁক অখিল ভাৰতীয় পত্রকাৰ মহাসভা, গোলাঘাট মিডিয়া ফ’ৰামকে ধৰি বিভিন্ন দল–সংগঠনে শলাগ লয় ৷