নিয়মীয়া বার্তা, ২১ এপ্রিলঃ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুক বিকৃত ৰূপত উপস্থাপন কৰিবলৈ উচটনি দিয়া কাজিৰঙাৰ বাগৰিৰ ৰেঞ্জাৰ পংকজ বৰাৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে ৷ ৰাষ্ট্রীয় উদ্যানৰ অন্তর্ভাগত বনকর্মীক পিঠিত বন্দুক লৈ বিকৃতভাৱে বিহুনৃত্য কৰিবলৈ দিয়াৰ বাবেই কাজিৰঙাৰ ডি এফ অ’ৱে তদন্তৰ নির্দেশ দিছে বুলি জনাইছে ৰাষ্ট্রীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে ৷ সঞ্চালকগৰাকীয়ে জনোৱা অনুসৰি, ক’ৰোনা আতংকৰ বাবেই যোৱা ১৭ মার্চৰ পৰা কাজিৰঙা ৰাষ্ট্রীয় উদ্যান সম্পূর্ণৰূপে বন্ধ কৰি দিয়া হৈছে৷ বন বিভাগৰ লোক তথা পশু চিকিৎসা কর্মীৰ বাহিৰে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ অন্তর্ভাগত আন লোকৰ প্রৱেশত নিষেধাজ্ঞা আৰোপ কৰিছে৷ কিন্তু তাৰ মাজতে কাজিৰঙাৰ বাগৰিৰ বনাঞ্চলিক বিষয়া পংকজ বৰাই একাংশ সংবাদকর্মীক লগত লৈ উদ্যানত প্রৱেশ কৰে৷ তদুপৰি পিঠিত বন্দুক লৈ কেমেৰাৰ সন্মুখত বনকর্মীসকলক বিহু নাচিবলৈ উৎসাহিত কৰে৷ ইফালে, বিকৃত ৰূপত নচা এই বিহুনৃত্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ কাজিৰঙা এলেকাত প্রতিক্রিয়াৰ সৃষ্টি হয়৷ আনকি এই প্রতিক্রিয়াই বন বিভাগৰ ঊর্ধ্বতন পক্ষকো জোকাৰি যায়৷ কেৱল নিজৰ সস্তীয়া জনপ্রিয়তাৰ বাবেই বন্ধ হৈ থকা কাজিৰঙাত স্বাস্থ্য পৰীক্ষা নকৰোৱাকৈ একাংশ সংবাদকর্মীক লগত নি মইমতালি কৰিছে বুলি অভিযোগ উঠিছে৷ ইপিনে, সঞ্চালক পি শিৱকুমাৰে লগতে জনোৱা মতে, পিঠিত বন্দুক লৈ ৰাষ্ট্রীয় উদ্যানৰ অন্তর্ভাগত নৃত্য কৰাটো আইনবিৰুদ্ধ ৷ যাৰ বাবেই কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বন প্রাধিকাৰী বিষয়া ৰমেশ গগৈয়ে বাগৰি বনাঞ্চলৰ বন বিষয়া প্রথম পর্যায়ত কাৰণ দর্শোৱাৰ জাননী জাৰি কৰি তদন্ত আৰম্ভ কৰিছে ৷ বাগৰি বনাঞ্চলৰ বন বিষয়া পংকজ বৰাৰ উদাসীনতাৰ বাবেই বিগত সময়ত বন কার্যালয়ৰ ১০০ মিটাৰ নিলগত চোৰাং চিকাৰীয়ে গুলীয়াই গঁড হত্যা কৰি খড়গ কাটি নিছিল৷ আনহাতে, এই গঁড় হত্যাকাণ্ডত বন বিষয়া পংকজ বৰা জড়িত আছিল বুলি অভিযোগ উঠিছিল ৷